অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে পলাশবাৰী নিবাসী ৰাখী ৰাভাই।
অনুসূচিত জনজাতিৰ অলিম্পিক প্ৰতিভা সন্ধানী কাৰ্যসূচীৰ প্ৰথম শাখাত যোগ্যতা অৰ্জন ৰাখী ৰাভাৰ।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ হাতৰ পৰা প্ৰমাণ-পত্ৰ গ্ৰহণ ৰাখীৰ।
এই কথা সামাজিক মাধ্যমৰ জৰিয়তে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই-
“পলাশবাৰী তথা সমগ্ৰ অসমৰ বাবে এয়া অত্যন্ত গৌৰৱ আৰু আনন্দৰ ক্ষণ! লোহাৰঘাটৰ প্ৰতিভাৱান যুৱতী শ্ৰীৰাখী ৰাভাই অনুসূচিত জনজাতিৰ অলিম্পিক প্ৰতিভা সন্ধানী কাৰ্যসূচীৰ প্ৰথম শাখাত যোগ্যতা অৰ্জন কৰি অসমলৈ কঢ়িয়াই আনিছে বিশেষ সন্মান আৰু গৌৰৱ। মাননীয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীৰ হাতৰ পৰা প্ৰমাণ-পত্ৰৰ লগতে পুৰস্কাৰ লাভ কৰাটো তেওঁৰ প্ৰতিভা, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ এক বিশেষ স্বীকৃতি।
ৰাখীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু অলেখ শুভকামনা জনালোঁ। তেওঁৰ এই সফলতাই অনাগত দিনত অসমৰ আৰু অধিক প্ৰতিভাৱান যুৱক-যুৱতীক নিজৰ সপোনৰ দিশে দৃঢ়তাৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব বুলি মোৰ দৃঢ় বিশ্বাস।”

