অন কেমেৰা জিলা আয়ুক্তলৈ ফোন ৰণজিৎ কুমাৰ দাসৰঃ অবৈধভাৱে ধন সংগ্ৰহ কৰা একাংশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

অন কেমেৰা জিলা আয়ুক্তলৈ ফোন কৰি সৰৱ ৰণজিৎ কুমাৰ দাস। ই-ৰিক্সা, চাৰিচকীয়া বাহনৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি থকা একাংশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ। আইনগতভাৱে পৌৰসভাই সংগ্ৰহ কৰা পাৰ্কিং মাচুল বা নিৰ্ধাৰিত ৰাজহৰ বাহিৰে একাংশ অসাধু চক্ৰই সংগ্ৰহ কৰিলেই পৰিব বিপদত। বৰপেটাৰোডত অবৈধ ধন সংগ্ৰহক লৈ এক্সন ৰণজিৎ কুমাৰ দাসৰ।

বৰপেটাৰোডত তিনিচকীয়া আৰু চাৰিচকীয়া যাত্ৰীবাহী বাহনৰ পৰা অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগক কেন্দ্ৰ কৰি সৰৱ হৈ উঠিল অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস। সংবাদ মাধ্যমৰ আগত তেওঁ বৰপেটা জিলা আয়ুক্তক (DC) ফোনযোগে বিষয়টো অৱগত কৰাৰ লগতে এই অবৈধ কাৰ্যকলাপ তৎক্ষণাত বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে।

অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে সংবাদমেলৰ জৰিয়তে বাহন চালক আৰু সৰ্বসাধাৰণ ৰাইজকো আহ্বান জনাই কয় যে, চৰকাৰী ৰচিদ (Receipt) অবিহনে কোনো ধৰণৰ ধন কাকো প্ৰদান নকৰিব। যদি কোনো ব্যক্তি বা সংস্থাই বলপূৰ্বক ধন দাবী কৰে, তেন্তে তৎক্ষণাত আৰক্ষী অথবা জিলা প্ৰশাসনক অৱগত কৰি আইন-শৃংখলা ৰক্ষাত সহযোগিতা কৰিবলৈ তেওঁ আহ্বান জনায়।

Related Articles