আইআইটি গুৱাহাটীত ইতিবাচক মানসিক স্বাস্থ্য, স্থিতিস্থাপকতা আৰু কল্যাণ শীৰ্ষক আঞ্চলিক সক্ষমতা নিৰ্মাণ কৰ্মশালা

আইআইটি গুৱাহাটীত ছাত্ৰ-ছাত্ৰীৰ কল্যাণ আৰু সহায়ক কেম্পাছ পৰিৱেশ-তন্ত্ৰৰ ক্ষেত্ৰত প্ৰতিষ্ঠানিক পদক্ষেপ শক্তিশালী কৰাৰ লক্ষ্যৰে ইতিবাচক মানসিক স্বাস্থ্য, স্থিতিস্থাপকতা আৰু কল্যাণ শীৰ্ষক ২ দিনীয়া আঞ্চলিক সক্ষমতা নিৰ্মাণ কৰ্মশালাৰ সামৰণি পৰে। দুদিনীয়া এই কৰ্মশালাখনৰ মূল লক্ষ্য আছিল মানসিক স্বাস্থ্য আৰু কল্যাণ সম্পৰ্কীয় নীতিৰ বিষয়ে এক উমৈহতীয়া বুজাবুজিক ব্যৱহাৰিক প্ৰতিষ্ঠানিক পদক্ষেপলৈ ৰূপান্তৰ কৰা। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ মালৱীয়া মিছন শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী-ৰ শিক্ষক সংযোগ কাৰ্যসূচী-ৰ অধীনত আয়োজিত এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চল আৰু দিল্লীৰ ২৮টা উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ১০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। মানসিক স্বাস্থ্য আৰু কল্যাণ সম্পৰ্কীয় নীতিৰ বিষয়ে থকা সামূহিক বুজাবুজিক ব্যৱহাৰিক প্ৰতিষ্ঠানিক পদক্ষেপলৈ ৰূপান্তৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আয়োজিত এই কৰ্মশালাত শিক্ষক-শিক্ষয়িত্ৰী, প্ৰতিষ্ঠানৰ নেতৃত্বস্থানীয় ব্যক্তি, হোষ্টেল ৱাৰ্ডেন, শিক্ষাৰ্থী কল্যাণ আৰু হোষ্টেল পৰিচালনা বিষয়া, পৰামৰ্শদাতা আৰু শিক্ষাৰ্থী প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

কৰ্মশালাখনৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য আছিল অংশগ্ৰহণকাৰীসকলক এনে কাৰ্যকৰী জ্ঞান আৰু অন্তৰ্দৃষ্টি প্ৰদান কৰা, যাতে তেওঁলোকে নিজ নিজ কেম্পাছলৈ উভতি গৈ শিক্ষাৰ্থীৰ কল্যাণৰ বাবে প্ৰতিষ্ঠানিক ব্যৱস্থা গঢ়ি তোলা আৰু শক্তিশালী কৰাত সহায় কৰিব পাৰে। অনুষ্ঠানত আইআইটি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহালে ভাষণত উল্লেখ কৰে যুৱসমাজৰ মাজত দেখা দিয়া মানসিক স্বাস্থ্য সংকটৰ কথা উল্লেখ কৰি কয় যে কেৱল কোনো অনাকাংক্ষিত ঘটনাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে ইয়াৰ কাৰণসমূহ গভীৰভাৱে বুজি পোৱাৰ প্ৰয়োজন আছে। তেওঁ লগতে কয় যে আগুৱাই যোৱাৰ পথ বিচাৰি উলিওৱাৰ বাবে সামূহিকভাৱে কাম কৰাৰ প্ৰয়োজন আছে। উচ্চ শিক্ষা বিভাগ, শিক্ষা মন্ত্ৰালয়ৰ সঞ্চালক দেৱেন্দ্ৰ কুমাৰে বিশেষকৈ ২০১১ চনৰ পিছত তৃতীয় পৰ্যায়ৰ শিক্ষা প্ৰতিষ্ঠানসমূহত শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধি পোৱাৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে ইয়াৰ ফলত তৃতীয় পৰ্যায়ৰ শিক্ষাৰ ক্ষেত্ৰত যুৱসমাজৰ আকাংক্ষা আৰু প্ৰতিযোগিতা বৃদ্ধি পোৱাৰ প্ৰতিফলন দেখা পোৱাৰ উপৰিও অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহে ইজনে-সিজনক কেনেদৰে সহায় কৰিব পাৰে আৰু নিজৰ অভিজ্ঞতা তথা শিক্ষাসমূহ কেনেদৰে ভাগ-বতৰা কৰিব পাৰে, সেই বিষয়ে আলোচনা কৰাৰ প্ৰয়োজনীয়তাৰ কথাও পুনৰ উল্লেখ কৰে। নতুন দিল্লীৰ মানসিক স্বাস্থ্য আৰু জীৱন দক্ষতা প্ৰসাৰ প্ৰতিষ্ঠান-ৰ ভাৰপ্ৰাপ্ত সঞ্চালক তথা এক্সপ্ৰেচন ইণ্ডিয়া-ৰ সঞ্চালক জিতেন্দ্ৰ নাগপালে ভাৰতৰ অতুলনীয় বৈচিত্ৰ্য আৰু দেশখনৰ জনমিতিক সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি বক্তব্যত তেওঁ কয় যে এই কৰ্মশালাৰ লক্ষ্য হৈছে সকলো অংশগ্ৰহণকাৰীক একেলগে আগুৱাই যোৱাত সহায় কৰা আৰু তেওঁলোকক নিজ নিজ প্ৰতিষ্ঠানত পৰিৱৰ্তনৰ দূত হিচাপে উভতি যাবলৈ সক্ষম কৰা।

এই কৰ্মশালাত সহায়ক কেম্পাছ পৰিৱেশ গঢ়ি তুলিবলৈ প্ৰতিষ্ঠানৰ বিভিন্ন স্তৰত সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনৰ লগতে ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰিশীল হৈ প্ৰতিষ্ঠানিক নীতি আৰু সহায়ক ব্যৱস্থাসমূহ কেনেদৰে অধিক শক্তিশালী কৰিব পাৰি, সেই বিষয়ে বিষদ ভাৱে আলোচনা কৰা হয়। আইআইটি গুৱাহাটী আৰু আইআইটি মাদ্ৰাজকে ধৰি বিভিন্ন প্ৰতিষ্ঠানৰ অভিজ্ঞতা আৰু ব্যৱহাৰিক পদ্ধতিৰ আধাৰত অনুষ্ঠিত বিভিন্ন অধিৱেশনৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে প্ৰতিষ্ঠানিক পৰ্যায়ত মানসিক স্বাস্থ্য আৰু কল্যাণৰ পদক্ষেপসমূহ কেনেদৰে গ্ৰহণ কৰিব পাৰি, সেই বিষয়ে বুজিবলৈ সুযোগ লাভ কৰে। কৰ্মশালাখনে অংশগ্ৰহণকাৰীসকলক প্ৰশ্ন উত্থাপন, ৰূপায়ণ সম্পৰ্কীয় উদ্বেগসমূহ স্পষ্ট কৰা আৰু প্ৰাসংগিক পদ্ধতিসমূহ নিজ নিজ কেম্পাছৰ পৰিৱেশৰ সৈতে খাপ খুৱাই কেনেদৰে প্ৰয়োগ কৰিব পাৰি, সেই বিষয়ে অন্বেষণ কৰাৰ বাবেও এক মঞ্চ প্ৰদান কৰে।

মানসিক স্বাস্থ্য বিশেষজ্ঞ, চিকিৎসক, পৰামৰ্শদাতা, শিক্ষাবিদ আৰু প্ৰতিষ্ঠানিক বিশেষজ্ঞকে ধৰি ২০ৰো অধিক সমল ব্যক্তিয়ে এই কাৰ্যসূচীত অৱদান আগবঢ়ায়। তেওঁলোকৰ বিশেষজ্ঞতাই অংশগ্ৰহণকাৰীসকলক ইতিবাচক মানসিক স্বাস্থ্য, ছাত্ৰ-ছাত্ৰীৰ কল্যাণ, স্থিতিস্থাপকতা আৰু পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা, সামাজিক সংযোগ আৰু সহায়ক কেম্পাছ পৰিৱেশ-তন্ত্ৰৰ বাবে উপযুক্ত প্ৰতিষ্ঠানিক পদ্ধতি বিকাশৰ বিষয়ে বিভিন্ন দৃষ্টিভংগী প্ৰদান কৰে। শিক্ষা মন্ত্ৰালয়, উচ্চ শিক্ষা বিভাগ, ভাৰত চৰকাৰৰ উদ্যোগত আয়োজিত পাঁচখন আঞ্চলিক সক্ষমতা বৃদ্ধি কৰ্মশালাৰ পূৰ্বৰ কৰ্মশালাসমূহ আইআইটি মাদ্ৰাজ আৰু আইআইটি ইন্দোৰত অনুষ্ঠিত হৈছিল। আইআইটি গুৱাহাটীয়ে এই শৃংখলাৰ তৃতীয়খন কৰ্মশালাৰ আয়োজন কৰে। পৰৱৰ্তী কৰ্মশালাসমূহ আইআইটি ভুৱনেশ্বৰ আৰু আইআইটি জম্মুত অনুষ্ঠিত হোৱাৰ কথা আছে।

Related Articles