পীড়াকটা বৰনামঘৰত নগেন আৰু কুমুদ বুঢ়াগোহাঁই স্মৃতি বঁটা প্ৰদান

ঐতিহাসিক পীড়াকটা অঞ্চলৰ আঞ্চলিক ধৰ্মীয় অনুষ্ঠান পীড়াকটা বৰনামঘৰত ভাদমাহৰ নাম সামৰণি অনুষ্ঠান ১৮ ছেপ্টেম্বৰত দিনজোৰা কাৰ্য্যসূচীৰে সম্পন্ন হৈ যায়। পুৱা নাম প্ৰসংগৰ পাছতে ২০২৬ বৰ্ষৰ উচচ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লাভ কৰা কৃতীমানসকলক বৰনামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰাৰ লগতে এই বৰ্ষৰ স্মৃতি বঁটা সমুহ প্ৰদান কৰা হয়। লাচিত বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত আৰু শিক্ষক সুশীল বৰুৱা আৰু পাৰ্থ জ্যোতি বৰুৱাই আঁত ধৰা সভাত অঞ্চলটোৰ দহ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা আৰু বিশেষ ব্যক্তিৰ স্মৃতি বঁটা প্ৰদান কৰা হয়।

২০২৬ বৰ্ষত উচ্চ মাধ্যমিক পৰীক্ষাত পীড়াকটা অঞ্চলৰ ভিতৰতে সৰ্বাধিক ৯৩ শতাংশ নম্বৰ প্ৰাপ্ত পীড়াকটা চমুৱা গাঁৱৰ অলক ৰঞ্জন ফুকনে মীনা বুঢ়াগোহাঁই স্মৃতি বঁটাৰ উপৰিও গণিত বিষয়ত ১০০ শতাংশ নম্বৰ লাভ কৰাত স্বৰ্গীয় জীৱেশ্বৰ বুঢ়াগোহাঁই স্মৃতি বঁটা পাবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে অসমীয়া বিষয়ত সৰ্ব্বোচ্চ ১০০ শতাংশ নম্বৰ পাই বাইলুং গাঁৱৰ অন্বেষা ফুকনে কুমুদ বুঢ়াগোহাঁই স্মৃতি বঁটা লাভ কৰে। আনহাতে উচ্চতৰ মাধ্যমিক শাখাত ৮৭% নম্বৰ প্ৰাপ্তিয়ে পীড়াকটা দক্ষিণ ব্ৰাহ্মণ গাঁৱৰ প্ৰিয়াংগী বৰাই নগেন বুঢ়াগোহাঁই আৰু লীলা শইকীয়া ফুকন সোঁৱৰণী বঁটাৰ লগতে সমাজশাস্ত্ৰ বিষয়ত ৮৩% নম্বৰ পোৱাত স্বৰ্গীয় লোকনাথ-বগী শইকীয়া স্মৃতি বঁটাও লাভ কৰে।

প্ৰতিটো বঁটাত অভিনন্দন পত্ৰৰ লগতে নগদ ধন আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হয়। স্মৃতি বঁটাৰ দাতা কেইজন হল ক্ৰমে সুৰজিৎ বুঢ়াগোহাঁই,অনিমা দত্ত বুঢ়াগোহাঁই , অভিজিত ফুকন , ফুলেশ্বৰ বুঢ়াগোহাঁই আৰু নৃপেন শইকীয়া।সভাৰ আৰম্ভণিতে নামাচাৰ্য সূৰ্য ফুকনে কৃতীমান সকলক আশিস বাক্য প্ৰদান কৰে। সভাত অতুল চন্দ্ৰ ফুকন, অচিন্ত্য দুৱৰা লগতে কৃতী ছাত্ৰ-ছাত্ৰীৰ ফালৰপৰা অন্বেষা ফুকন আৰু অলক ৰঞ্জন ফুকনে মনৰ ভাৱ ব্যক্ত কৰে। শেষত শিক্ষক সুশীল বৰুৱাই শলাগৰ শৰাই আগবঢ়াই।ৰাতিলৈ মৰাণ গাঁৱৰ প্ৰেমধৰ বৰুৱা আৰু পৰিয়াল বৰ্গই আগবঢ়োৱা ভাওনা প্ৰদৰ্শন কৰা হয়।

Related Articles