শদিয়াৰ বুঢ়া-বুঢ়ী শালত চুতীয়া সাহিত্য সন্মিলন, অসমৰ কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ সম্পন্ন

অসমৰ অন্যতম নৃগোষ্ঠী চুতীয়া সকলৰ ভাষা-সাহিত্যৰ বিকাশৰ লগতে জনগোষ্ঠী টোৰ যুৱ চামক বৌদ্ধিক চিন্তা-
চৰ্চাৰে আগুৱাই নিবলৈ জন্ম লাভ কৰা সংগঠন “চুতীয়া সাহিত্য সন্মিলন,অসম”ৰ নৱগঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ
ক সমিতিখনে আজি শদিয়াৰ ঐতিহাসিক বুঢ়া-বুঢ়ী শালত শপত গ্ৰহণ কৰে।চুতীয়া ৰাজ্য শদিয়াৰ ইতিহাস বিজড়িত চাৰিশালৰ অন্যতম এখন শাল বুঢ়া-বুঢ়ী শালত আজি পুৱা ১০ বজাত চুতীয়া সাহিত্য সন্মিলন,অসমৰ সভাপতি ৰাজীৱ বৰুৱা আৰু সম্পাদক শিৰোমণি চুতীয়াৰ নেতৃত্বত যোৱা সংগঠনটোৰ নৱ গঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি খনে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে জাতীয় সাহিত্য আৰু বৌদ্ধিক চিন্তা-চৰ্চাক আগুৱাই নিয়াৰ সংকল্পৰে।


সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ সহকাৰী সম্পাদক সুশীল শইকীয়াই চুতীয়া সাহিত্য সন্মিলন,অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়-ববীয়াসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়।এই শপতগ্ৰহণ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে চুতীয়া ৰাজ পৰিয়ালৰ প্ৰতিনিধি ৰাজকুমাৰ জীপেন প্ৰসাদ বৰুৱাই।তদুপৰি এই অনুষ্ঠানত চুতীয়া জনগোষ্ঠীৰ লেখক,চিত্ৰ শিল্পী হানিদ ৰঞ্জন ভুঞা, চুতীয়া জনগোষ্ঠীৰ লেখক লোকশিল্পী দেবেন বৰুৱা, চুতীয়া যুৱ সন্মিলন,অসমৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি শশাংক শইকীয়া, চুতীয়া যুৱ সন্মিলন,অসমৰ শদিয়া জিলা সমিতিৰ সভাপতি জিতু চুতীয়া, চুতীয়া ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক জান বৰাকে আদি কৰি জাতীয় জীৱঞৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে এই অনুষ্ঠানৰ পূৰ্বেই শনিবাৰে সন্ধিয়া শদিয়াৰ চপাখোৱা জনজাতি আৱৰ্ত ভৱনৰ সভাকক্ষত চুতীয়া সাহিত্য সন্মিলন,অসমৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুস্থিত হৈ যায় উপদেষ্টা ছত্ৰধৰ হাজৰিকাৰ সভাপতিত্বত।এই সভাত সাংগঠনিক দিশৰ ওপৰত আলোচনাৰ লগতে সংগঠনৰ বিধি(সংবিধান)খনৰ ওপৰত বিষদ আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তুআৱ গ্ৰহণ কৰা হয়।

Related Articles