প্ৰয়াত আদৰ্শৱান ছাত্ৰ নেতা গৌৰৱ গগৈৰ জন্ম বাৰ্ষিকীৰ পবিত্ৰ সোঁৱৰণত আজি ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম বৰ্ষৰ বাবে ‘গৌৰৱৰ দিন’ উদযাপন কৰা হয়। ‘গৌৰৱ সন্মিলিত সমাজ’ আৰু ‘ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থা’ৰ যুটীয়া উদ্যোগত লখিমপুৰৰ ঢকুৱাখনাত এই দিনজোৰা অনুষ্ঠানটিৰ আয়োজন কৰা হয়।
আজি পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত শৈক্ষিক বক্তৃতা, কুইজ প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মনোযোগ বৃদ্ধি কৰিবলৈ আৰু তেওঁলোকক উৎসাহিত কৰিবলৈ ৫টাকৈ শৈক্ষিক বক্তৃতাৰ লগতে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। ঢকুৱাখনাত অনুষ্ঠিত হোৱা এই ব্যতিক্ৰমী অনুষ্ঠানটোলৈ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০০৯ বৰ্ষৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বেটচটোৱেও বিশেষ সহযোগিতা আগবঢ়ায়।
উল্লেখ্য যে, ২০১৮ চনত অকাল মৃত্যুক আঁকোৱালি লোৱা গৌৰৱ গগৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ এগৰাকী সক্ৰিয়, বিবেচক তথা আদৰ্শৱান ছাত্ৰ নেতা আছিল। তেখেতৰ চিন্তা, চেতনা আৰু কৰ্মৰাজিক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰেই ‘গৌৰৱ সন্মিলিত সমাজ’ প্ৰতিষ্ঠা কৰা হৈছিল। এই সমাজখনে গৌৰৱ গগৈৰ মৃত্যু দিন ১৩ মে’ তাৰিখটোত ভিতৰুৱা অঞ্চলৰ বিভিন্ন বিদ্যালয়ত ‘জ্ঞান অন্বেষণ’ নামৰ কাৰ্যসূচীও ৰূপায়ণ কৰি আহিছে। পূৰ্বতে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অন্যান্য মহাবিদ্যালয়ত অনুষ্ঠিত হৈ অহা এই স্মাৰক অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ অধ্যাপক আৰু গৱেষকসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি একত্ৰিত শক্তি হিচাপে কাম কৰি আহিছে।
ইপিনে আজিৰ এই অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ‘গৌৰৱ সন্মিলিত সমাজ’ৰ সভাপতি তথা দুলীয়াজান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° লক্ষ্যজিৎ বুঢ়াগোহাঁই, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ (শৈক্ষিক তত্ত্বাৱধায়ক) ইভৰাণী চমুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ সাধাৰণ সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° প্ৰাণজিৎ কলিতা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° পূৰ্বজ্যোতি ফুকন উপস্থিত থাকে। ইয়াৰ লগতে ডিব্ৰুগড়স্থিত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ যুৱ বিজ্ঞানী ড° কৃপাৰ্জুন বৰা, নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° অম্লান পূজাৰী, মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° চন্দনজ্যোতি চুতীয়া আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° পংকজ চাহুৱেও বক্তা হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰে। সমগ্ৰ অনুষ্ঠানটি আৰু কুইজ প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰে ক্ৰমে ড° জয়দীপ বৰা আৰু ড° ভাস্কৰ জ্যোতি বৰুৱাই। গীতেমাতে জীপাল হোৱা উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰছাত্ৰী সকলৰ উপস্থিতিয়ে অনুষ্ঠানটো সুন্দৰ কৰি তুলে ৷

