সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ শোনিতপুৰ জিলা সমিতিখন সভাপতি শৈলব কুমাৰ ভট্টাচাৰ্য আৰু সম্পাদক গণেশ শৰ্মাক এখনি ১৫ জনীয়া সমিতি গঠন

শ্বহীদ নগৰী ঢেকিয়াজুলিৰ ৮নং ওৱাৰ্ডত অবস্থিত শংকৰ মন্দিৰ নামঘৰৰ সভাকক্ষত সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ শোনিতপুৰ জিলা সমিতি গঠন কৰাৰ উদেশ্য ১০ নবেম্বৰত এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায়৷
সভাত সভাপতিত্বত ঢেকিয়াজুলিৰ জ্যেষ্ঠ সাংবাদিক সুজিৎ কটকীয়ে৷৷সভাৰ উদেশ্য ব্যাখা কৰে জ্যেষ্ঠ সাংবাদিক নব কুমাৰ ডেকাই৷সভাত সদৌ অসম সাংবাদিক কল্যাণ সমিতিৰ শোনিতপুৰ জিলা সমিতি খন গঠন কৰা হয়৷ সভাত সভাপতি শৈলৱ কুমাৰ ভট্টাচাৰ্য,উপ- সভাপতি আনন্দ শৰ্মা,পংকজ দেব, সম্পাদক-গনেশ ডেকা,সহঃ সম্পাদিকা-ডলী দাস,পলী হাজৰিকা,সাংগঠনিক সম্পাদক-পুজাৰাম বসুমতাৰী,শনিৰাম দৈমাৰী,হাফিজুৰ ৰহমান আনচাৰী,সদস্য-খ্যাতি শিবম,পবিত্ৰ কুমাৰ দাস,তপন সেনগুপ্ত আদিক লৈ এখনি ১৫জনীয়া সমিতিখন গঠন কৰা হয়-৷সমিতিখনক দিহা পৰামৰ্শ দিয়াৰ বাবে নব কুমাৰ ডেকা,সুজিৎ কটকীক উপদেষ্টা হিচাপে সভাই বাচনি কৰে৷ সভাত এই সমিতিৰ দ্বাৰাই শোনিতপুৰ জিলাৰ সাংবাদিক সকলৰ আৰ্থিক সুৰক্ষা আৰু নিৰাপত্তা আদি সু- নিশ্চিত কৰিবলৈ প্ৰস্তাৱ গ্ৰহন কৰে৷

