বলিউদৰ বিগ বাজেটৰ ছবি ‘ৰামায়ণ’ত জিলিকিল বৰপেটাৰ বাঁহ-বেতৰ কাৰুকাৰ্য

বৰপেটাৰ পৰা বলিউদলৈ! বলিউদৰ বহু চৰ্চিত বিগ বাজেটৰ ছবি ‘ৰামায়ণ’ত জিলিকিল বৰপেটাৰ বাঁহ-বেতৰ কাৰুকাৰ্য। ৰামায়ণত অসমৰ বাঁহ-বেতৰ সৌন্দৰ্য দেখিলে বিশ্ববাসীয়ে। প্ৰায় ৪হাজাৰ কোটিৰ বাজেটেৰে নিৰ্মাণ কৰা ৰামায়ণৰ সাজ-সজ্জাৰ দায়িত্ব থকা অজয় কুমাৰে ৰামৰ বনবাসৰ সময়ত পিন্ধিব পৰাকৈ এটা কৱছৰ ডিজাইনৰ কাম কৰি আছিল। প্ৰকৃতিৰ উপাদানেৰে কিদৰে এনে এক কৱচ নিৰ্মাণ কৰিব পাৰি তাৰ চিন্তাত থাকোতেই তেওঁৰ মনলৈ আহিল অসমৰ কথা।

৩৫ বছৰীয়া অভিজ্ঞতাৰে ৰামায়ণৰ সাজ-পোছাক নিৰ্মাণ কৰিলে বৰপেটাৰ জনীয়াৰ বাংলিপাৰাৰ জয়নাল আব্দিন নাম লোকজনে। বৰপেটাত নিৰ্মিত এই পোছাক পৰিধান কৰিছিল ‘ৰামায়ণ’ৰ ৰাম আৰু লক্ষ্মণে।

এই কামত জয়নাল আব্দিনৰ সৈতে প্ৰায় ১০ৰ পৰা ১২ গৰাকী শিল্পী জড়িত আছিল। আনকি ছবিখনৰ সাজ-সজ্জা ডিজাইনৰ লগতে জড়িত লোকসকলে কেইবাবাৰো বৰপেটালৈ আহি শিল্পীসকলৰ সৈতে একেলগে কাম কৰিছিল ।

Related Articles