প্ৰথম বাহিনী এছ এছ বি সোণাপুৰত মানসিক চাপ নিয়ন্ত্ৰণৰ ওপৰত সজাগতা কাৰ্যসূচী…

প্ৰথম বাহিনী এছ এছ বি সোণাপুৰত মানসিক চাপ নিয়ন্ত্ৰণৰ ওপৰত সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৯ নৱেম্বৰ তাৰিখে শ্ৰী সুনীল কৌশিক, কমাণ্ডেণ্ট, প্ৰথম বাহিনী, সশস্ত্ৰ সীমা বল, সোণাপুৰৰ সুদক্ষ নিৰ্দেশনাত বাহিনী মুখ্য কাৰ্যালয়ত শ্ৰী সিদ্ধেশ্বৰ স্বামীজী ট্ৰাষ্ট, ৰাজস্থানৰ সহযোগত বাহিনীৰ জোৱানসকলৰ বাবে মানসিক চাপ নিয়ন্ত্ৰণ (Stress Management) বিষয়ৰ ওপৰত এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়।

এই কাৰ্যসূচীৰ সময়ত ট্ৰাষ্টৰ প্ৰতিনিধিসকলে জোৱানসকলক দৈনন্দিন জীৱন আৰু কৰ্তব্য পালন কৰাৰ সময়ত সৃষ্টি হোৱা মানসিক চাপ নিয়ন্ত্ৰণ কৰা, ইতিবাচক চিন্তাধাৰা গঢ়ি তোলা তথা মানসিক ভাৰসাম্য বজাই ৰখাৰ বিভিন্ন উপায়ৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে। ইয়াৰ লগতে মানসিক চাপমুক্ত জীৱনশৈলী গ্ৰহণ কৰা, আত্মবিশ্বাস বজাই ৰখা আৰু কৰ্মদক্ষতা বৃদ্ধিৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ পৰামৰ্শও আগবঢ়োৱা হয়।

এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল বাহিনীৰ জোৱানসকলৰ মাজত মানসিক চাপ নিয়ন্ত্ৰণৰ বিষয়ে সজাগতা সৃষ্টি কৰা তথা তেওঁলোকৰ মানসিক স্বাস্থ্য, ইতিবাচক দৃষ্টিভংগী আৰু সামগ্ৰিক কল্যাণৰ উন্নতি সাধন কৰা।

Related Articles