আন্তৰাষ্ট্ৰীয় কাৰাটেত স্বৰ্ণ জয়ী এলী ডোমা তামাঙক গোৰ্খা উন্নয়ন পৰিষদৰ উষ্ণ সম্বৰ্ধনা

কলকাতাৰ ৰঘুনাথপুৰ ষ্টেডিয়ামত অলপতে সৰ্বভাৰতীয় ছ’টকান কাৰাটে স্কুল আৰু ভাৰতীয় ক্ৰীড়া ছ’টকান সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত ঐতিহ্যমণ্ডিত ‘ছ’টকান আন্তৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ ২০২৬’-ত মাৰ্ঘেৰিটাৰ পাৱৈ বনগাঁৱৰ ১২ বছৰীয়া উদীয়মান কিশোৰী খেলুৱৈ এলী ডোমা তামাঙে এক অভূতপূৰ্ব সাফল্য অৰ্জন কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰতিযোগিতাখনত নিজৰ উৎকৃষ্ট ক্ৰীড়া শৈলী প্ৰদৰ্শন কৰি এলীয়ে এটা স্বৰ্ণ আৰু এটা তাম্ৰ পদক লাভ কৰিবলৈ সক্ষম হয়। অভিজ্ঞ প্ৰশিক্ষক অঞ্জলী তামাং-ৰ সঠিক মাৰ্গদৰ্শন, প্ৰচেষ্টা আৰু নিজৰ অদম্য একাগ্ৰতাৰ বলত গ্ৰাম্য এলেকাৰ অত্যন্ত সীমিত সুবিধা আৰু প্ৰত্যাহ্বানৰ মাজতো এই বিশ্বমানৰ সফলতা অৰ্জন কৰা এলী ডোমা তামাঙৰ বাসগৃহত আজি গোৰ্খা উন্নয়ন পৰিষদৰ এক সজাতি দল উপস্থিত হয়।

গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙৰ নিৰ্দেশ আৰু প্ৰতিনিধিত্বৰে পৰিষদৰ সদস্য ক্ৰমে ৰাজু তামাং আৰু মহেন্দ্ৰ ৰাইৰ নেতৃত্বত যোৱা এই বিশেষ দলটোৱে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা অঞ্চলটোক উজলাই তোলা কিশোৰী ক্ৰীড়াবিদ গৰাকীক পৰিষদৰ তৰফৰ পৰা ফুলৰ চাফাই, ফুলাম গামোচা আৰু মানপত্ৰৰে উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে। উদীয়মান খেলুৱৈগৰাকীৰ এনে সফলতাত আনন্দ প্ৰকাশ কৰি পৰিষদৰ সদস্যসকলে উল্লেখ কৰে যে গাঁৱৰ জীয়ৰী এলীৰ এই সফলতাই কেৱল তেওঁৰ পৰিয়াল বা গাঁৱখনকেই নহয়, সমগ্ৰ ৰাজ্যখনৰে ক্ৰীড়া প্ৰেমি সমাজক গৌৰৱান্বিত আৰু অনুপ্ৰাণিত কৰি তুলিছে।

ইয়াৰ উপৰি, আগন্তুক দিনবোৰতো এলী ডোমা তামাঙে যাতে জাতীয় আৰু আন্তর্জাতিক ক্ৰীড়াংগনত অধিক সফলতা অৰ্জন কৰি দেশলৈ সুনাম কাঢ়ি আনিব পাৰে, তাৰ বাবে পৰিষদৰ ফালৰ পৰা তেওঁৰ ক্ৰীড়া যাত্ৰাত সকলো ধৰণৰ প্ৰয়োজনীয় সহায়-সহযোগিতা আৰু উৎসাহ আগবঢ়োৱা হ’ব বুলি স্পষ্ট আশ্বাস প্ৰদান কৰা হয়। স্থানীয় ৰাইজেও এলীৰ এই ক্ৰীড়া কৃতিত্বক আন্তৰিক শুভেচ্ছা আৰু উষ্ম অভিনন্দন জ্ঞাপন কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

Related Articles