অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ

অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ

১৫ সংখ্যক মৃত্যু দিৱসত চান্দমাৰীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সমূহীয়া সংগীত পৰিৱেশনেৰে সামৰণি

অসমৰ অন্যতম অগ্ৰণী সাহিত্য-সাংস্কৃতিক সংগঠন ‘অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ’ৰ ৰাজ্যিক সমিতিৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ সহযোগত আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ১৫ সংখ্যক মৃত্যু দিৱস উপলক্ষে এক গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

গুৱাহাটীৰ চান্দমাৰিস্থিত অসম সাংবাদিক কল্যাণ ন্যাসৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটো অৱসৰপ্ৰাপ্ত উপায়ুক্ত বৰ্ণালী শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয়। পৰিষদৰ উপদেষ্টা ভূপেন চক্ৰৱৰ্তীয়ে সুধাকণ্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে বৰ্ণালী শৰ্মা, অমলা চক্ৰৱৰ্তী আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি গীতা দেৱীয়ে মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিষদৰ ৰাজ্যিক সম্পাদক গুনীন ফুকনে।

আৰম্ভণি ভাষণত ভূপেন চক্ৰৱৰ্তীয়ে সুধাকণ্ঠৰ সৈতে কটোৱা স্মৃতি ৰোমন্থন কৰি কয় যে ভূপেন হাজৰিকাৰ বহুমুখী প্ৰতিভাই নতুন প্ৰজন্মক সদায় আকৰ্ষিত কৰি আহিছে। তেওঁৰ জীৱন আৰু কৰ্মই সকলো বাধা-বিঘিনি অতিক্ৰম কৰি আগবাঢ়ি যাবলৈ নতুন প্ৰজন্মক প্ৰেৰণা যোগাই আহিব। অসমীয়া জাতিৰ বাবে আগবঢ়াই যোৱা তেওঁৰ প্ৰতিটো অৱদানেই সকলোৰে বাবে আদৰ্শ হৈ ৰ’ব।

অনুষ্ঠানত পৰিষদৰ সভাপতি ড০ হিতেশ গোস্বামীয়ে সাৱলীলভাৱে ভূপেন হাজৰিকাৰ কবিতা আবৃত্তি কৰে। তেওঁ সুধাকণ্ঠক শংকৰদেৱ, মাধৱদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিছৰ এগৰাকী মহান ব্যক্তি হিচাপে অভিহিত কৰি আগবঢ়োৱা বক্তব্যই উপস্থিত সকলোৰে হৃদয় স্পৰ্শ কৰে।

আনহাতে, অমলা চক্ৰৱৰ্তীয়ে শৈশৱতে ভূপেন হাজৰিকাক লগ পোৱাৰ স্মৃতি সুঁৱৰে। পৰিষদৰ ৰাজ্যিক কোষাধ্যক্ষ জিতু ৰাজ শইকীয়া আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি গীতা দেৱীয়েও সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি আৰু অসমীয়া সমাজ-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে বক্তব্য আগবঢ়ায়।

অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল কাব্যসিন্ধু ড০ অমৰজ্যোতি চৌধুৰীৰ বিখ্যাত কবিতা ‘মৃত্যু জিনাৰ গান’ৰ দলীয় আবৃত্তি। কবিতাটো আবৃত্তি কৰে ড০ সুৰঞ্জনা কলিতা, দেৱাহুতি শৰ্মা, অন্নদা বৰো ৰংপি, গীতা ৰাণী ডেকা আৰু গীতা দেৱীয়ে। ইয়াৰ উপৰি দেৱাহুতি শৰ্মা আৰু অন্নদা বৰো ৰংপিয়ে ভূপেন হাজৰিকাৰ কবিতা এককভাৱে আবৃত্তি কৰে।

সুধাকণ্ঠৰ সান্নিধ্যৰ বৰ্ণিল স্মৃতি ৰোমন্থন কৰি সভানেত্ৰী বৰ্ণালী শৰ্মাই বক্তব্য আগবঢ়ায়। পৰিষদৰ ৰাজ্যিক সাংগঠনিক সম্পাদক জয়ন্ত মেধিয়ে আঁত ধৰা অনুষ্ঠানটোৰ সামৰণি পৰে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ৰ সমূহীয়া পৰিৱেশনেৰে।

Related Articles