মটক স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক লৈ সংগঠনসমূহৰ বৈঠক, ৰাজনৈতিক মঞ্চ গঠনৰ সিদ্ধান্ত ল’ব মটক জাতীয় অভিবৰ্তনত

মটক স্বায়ত্বশাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি মটক জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ মাজত আৰম্ভ হৈছে তৎপৰতা। নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন বিষয়ৰ লগতে মটক জনগোষ্ঠীৰ বাবে ৰাজনৈতিক মঞ্চ গঠনৰ সম্ভাৱনীয়তাক লৈ আজি ডিব্ৰুগড়ৰ অনিৰুদ্ধদেৱ জুনিয়ৰ কলেজত মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।বৈঠকখনত বিশেষকৈ মটক স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন কেনেদৰে সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যায়, সেই বিষয়ে বিস্তৃত আলোচনা কৰা হয়।

ইয়াৰ উপৰি পৰিষদৰ সমষ্টি নিৰ্ধাৰণকে ধৰি নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন কাম-কাজ সংগঠনসমূহে প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি আগবঢ়াই নিয়াৰ বিষয়েও আলোচনা কৰা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অমলেন্দু ফুকনে কয় যে, মটক জনগোষ্ঠীৰ সকলো সংগঠন একেলগে বহি আগন্তুক নিৰ্বাচন সম্পৰ্কে আলোচনা কৰিছে। নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় বিভিন্ন বিষয়ৰ লগতে সমষ্টি নিৰ্ধাৰণৰ কাম-কাজো সংগঠনসমূহে প্ৰশাসনৰ সৈতে মিলি আগবঢ়াই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। ইফালে, মটক জনগোষ্ঠীৰ বাবে এক ৰাজনৈতিক মঞ্চ গঠনৰ বিষয়টোও বৈঠকত গুৰুত্বসহকাৰে উত্থাপিত হয়। ফুকনে কয় যে, মটক যুৱ-ছাত্ৰ সন্মিলনৰ চাৰিং অধিবেশনকে ধৰি পূৰ্বৰ বিভিন্ন সভাত ৰাজনৈতিক মঞ্চ গঠনৰ প্ৰসংগ উত্থাপন কৰা হৈছিল।

সেই ধাৰা অক্ষুণ্ণ ৰাখিয়েই সংগঠনসমূহে বিষয়টো লৈ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে। অৱশ্যে, কেৱল কেইটামান সংগঠনে মিলি ৰাজনৈতিক মঞ্চ গঠন কৰাৰ সলনি এই ক্ষেত্ৰত মটক জনগোষ্ঠীৰ সামগ্ৰিক মতামত লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে সংগঠনসমূহে। সেই উদ্দেশ্যে অতি সোনকালে মটক জনগোষ্ঠীৰ এখন জাতীয় অভিবৰ্তন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। উক্ত জাতীয় অভিবৰ্তনত মটক জনগোষ্ঠীৰ বাবে স্বতন্ত্ৰ ৰাজনৈতিক মঞ্চ গঠন কৰা হ’ব নে নহয়, সেই বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে অমলেন্দু ফুকনে। এই বিষয়ত চূড়ান্ত সিদ্ধান্ত সংগঠনসমূহে অকলে গ্ৰহণ নকৰি ৰাইজৰ মতামতৰ ওপৰত এৰি দিয়া হ’ব বুলিও তেওঁ স্পষ্ট কৰে। সকলো মটক সংগঠনৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই জাতীয় অভিবৰ্তনত জনগোষ্ঠীটোৰ ৰাজনৈতিক ভৱিষ্যৎ সম্পৰ্কে এক স্পষ্ট দিশ নিৰ্ধাৰণ হোৱাৰ সম্ভাৱনা আছে। অভিবৰ্তনত বিষয়টো খোলাখুলিকৈ আলোচনা কৰি মটক জনগোষ্ঠীৰ ৰাইজৰ মতামতৰ ভিত্তিত পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে।

Related Articles