অভিনেতা প্ৰসেনজিতলৈ ‘Versatile Actor of Assam’ বঁটা

অসমৰ জনপ্ৰিয় ডিজিটেল সংবাদ মাধ্যম ডি এ নেটৱৰ্ক অসমৰ উদ্যোগত আয়োজিত DA Network Assam Golden Awards Sisson4 অনুষ্ঠানত জনপ্ৰিয় অভিনেতা প্ৰসেনজিতক প্ৰদান কৰে ‘Versatile Actor of Assam’ বঁটা । যোৱা ৩ নৱেম্বৰত গুৱাহাটীস্থিত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত অভিনেতা গৰাকীক প্ৰদান কৰা হয় এই বঁটা । এই বঁটা প্ৰদান অনুষ্ঠনটোত বিশিষ্ট অতিথিৰূপে উপস্থিত আছিল ডা: নভনীল বৰুৱা, ডা: অঞ্জনজ্যোতি চৌধুৰী, মাইনী মহন্তৰ উপৰি সংবাদ মাধ্যম তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ বহু গণ্য-মান্য ব্যক্তি।

অনুষ্ঠানটোৰ মুখ্য পৰিচালন সঞ্চালক দীনুল ইছলাম আৰু পৰিচালন সঞ্চালক ধ্ৰুৱজ্যোতি শৰ্মাই কয়- প্ৰসেনজিত বৰা সাম্প্ৰতিক সময়ৰ এগৰাকী বলিষ্ঠ নাট্যযোদ্ধা । এইবাৰ থিয়েটাৰ সূৰ্য্যৰ প্ৰতিখন নাটকত তেখেতৰ দুৰ্দান্ত অভিনয়ে দৰ্শকক আপ্লুত কৰিছে । এই নিখুঁত অভিনয়ৰ বাবেই অভিনেতা গৰাকীলৈ এইবৰ্ষৰ ‘Versatile Actor of Assam’ বঁটাটি আগবঢ়োৱা হৈছে। বিগত সময়ছোৱাত এই সন্মান আমি আগবঢ়াইছিলোঁ মৃদুল ভূঞা, ৰবি শৰ্মা, নিশিতা গোস্বামী, গীতাৱলী ৰাজকুমাৰী, কবিল বৰা আদি শিল্পী সকলক ।

Related Articles