আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মৰণ ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক।
আমিনগাঁৱতো মহান শিল্পী গৰাকীৰ ১৫ সংখ্যক মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কামৰূপ জিলা প্ৰশাসনৰ।
কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত থকা শিল্পী গৰাকীৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই।
মানুহে মানুহৰ বাবে শীৰ্ষক কালজয়ী গীত পৰিৱেশন কৰি শিল্পী গৰাকীক স্মৰণ উপস্থিত অনুৰাগী তথা বিষয়া কৰ্মচাৰীৰ।
তাৰ পিছতে জিলা উন্নয়ন আয়ুক্ত গৰ্গমোহন দাসকে প্ৰমুখ্য কৰি অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্ত সকলৰ লগতে কৰ্মচাৰী সকলে জ্ঞাপন কৰে শিল্পী গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি।

