কুটুম্ব সুৰক্ষা পৰিষদ সনাতনী আস্থাত বিশ্বাসী প্ৰতিগৰাকী ভাই ভনীৰে গঠিত এক সামাজিক-সাংস্কৃতিক আৰু আধ্যাত্মিক সংগঠন। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজৰ স্বকীয়তা বৰ্তাই ৰাখি বৃহত্তৰ সনাতন ধর্ম-দৰ্শনৰ আধাৰত শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ লগতে জাতীয় সংহতি আৰু ঐকাৰ বুনিয়াদী ভেটি শক্তিশালী কৰিবলৈ কাম কৰাতো কুটুম্ব সুৰক্ষা পৰিষদৰ প্ৰথম আৰু প্রধান উদ্দেশ্য। আমি ভাৰতৰ প্ৰতিটো সৰু-বৰ জাতি, জনজাতি, জনগোষ্ঠীৰ স্বকীয়তা, মান-মর্যাদা, খাদ্যাভ্যাস, সাজপাৰ, কৃষ্টি-সংস্কৃতিৰ প্রতি দায়বদ্ধ। আমাৰ বাবে সকলো আপোন। সেয়েহে আমি কুটুম্ব সুৰক্ষা পৰিষদ।
শক্তিশালী সমাজ আৰু দৃঢ় ৰাষ্ট্ৰৰ হেতু সামাজিক-সাংস্কৃতিক-বৌদ্ধিক আধ্যাত্মিক ক্ষেত্ৰখনৰন লগতে ৰাজনৈতিক আক অর্থনৈতিক ক্ষেত্রতো যথেষ্ট সংস্কাৰ আৰু শুদ্ধিকৰণৰ প্রয়োজন আছে। এয়া কেরল ভাৰতীয় দৰ্শনৰ শাস্ত্ৰ সন্মত সিদ্ধান্তই নহয়; এয়া ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৫১ (ক) ত উল্লেখ থকা প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ মৌলিক দায়িত্ব আৰু কৰ্তব্য। আৰু একোগৰাকী যোগ্য ভাৰতীয় নাগৰিক হোৱাৰ প্ৰয়াস কৰিয়েই আমি যোৱা অক্টোবৰ মাহৰ ২ তাৰিখৰ পৰা “সত্য অন্বেষণ’ শীর্ষক এক অভিযানৰ আৰম্ভ কৰিছোঁ: যাৰ প্ৰতি অসমৰ বিভিন্ন শ্রেণীব বিভিন্ন পৰ্য্যায়ৰ লোকৰ সঁহাৰি খুবেই উৎসাহজনক। আমাৰ প্রতিটো সামাজিক কামতে বিশেষকৈ আমাৰ সন্মানীয় সভাপতি মাননীয় সত্যৰঞ্জন বৰা দেৱৰ নেতৃত্বত দুর্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আৰম্ভ হোৱা এই ‘সত্য অন্বেষণ অভিযানটোত অসমৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ অভূতপূর্ব স্বতপূর্ত সঁহাৰিয়ে সমাজৰ প্ৰতিটো ভৰৰ লোকৰ মাজত আমাৰ সংগঠন টোৰ গ্ৰহণ যোগ্যতাক প্রতিপন্ন কৰাইছে। যিখিনি সময়ত বর্ণ বৈষম্যৰ উৰ্ধত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক লগলাগি সমভাবাপন্ন সমাজ এখন গঢ়াত বিভিন্ন জনে অহৰহ কাম কৰি আছে তেনেস্থলত দুর্নীতিৰ চৰ্মাৰ স্বৰূপ পৰিবহণ বিষয়া হিমাংশু দাসে অনুসূচিত জাতি ঐক্য মঞ্চ’ৰ কেইজন সুবিধাবাদী স্বয়ম্ভূ নেতাৰ যোগেদি সংবাদ মেল কৰোৱাই জাতিৰ নামত সমাজ খন ভাগ ভাগ কৰাৰ প্ৰচেষ্টা কৰা দেখা গৈছে। দুর্নীতি ভ্রষ্টাচাৰৰ চৰ্দাৰ স্বৰূপ হিমাংশু দাসৰ পৰা হয়তো কিবা পোৱাৰ লালসাত। সংবাদ মেলৰ যোগেদি আমাৰ মাননীয় সভাপতি সত্য ৰঞ্জন বৰা দেৱৰ লগতে আমাৰ সংগঠনটোৰ বিৰুদ্ধে যি নাভুত নাশ্রুত অভিযোগ তুলিছে তাক আমাৰ সংগঠনৰ ফালৰ পৰা কঠোৰ ভাবে গৰিহণা দিয়াৰ লগতে ভবিষ্যতে এনে কামৰ পৰা বিৰত থাকিবলৈ স্বয়ম্ভূ নেতা কেই জনক সকীয়নি প্রদান কৰাৰ লগতে তলত আগবঢ়োৱা প্রশ্ন কেইটাৰ যথাসম্ভৱ প্রতুত্তৰ কামনা জনালোঁ।
এক) দুর্নীতি ভ্ৰষ্টাচাৰত নিমজ্জিত পৰিবহণ বিষয়া হিমাংশু দাস অনুসূচীত জাতিৰ হোৱা বাবেই তেওঁক অবাধ হাৰত দুর্নীতি কৰাৰ অধিকাৰ দিব লাগিব নেকি?
দুই) হিমাংশু দাসৰ দুৰ্নীতিৰ বাবে কোনো অনুসূচীত জাতি জনগোষ্ঠীৰ লোক কেতিয়াও ভুক্ত ভোগী হোৱা নাই নেকি? শ্রীদাসে আন এগৰাকী ‘দাস’ উপাধিৰ পৰিবহন বিষয়াক ঠাট্টা-মস্কৰা কৰি কিদৰে ৰাজহুৱা ভাবে অৱমাননা কৰিছিল তাৰ বিচাৰ ‘অনুসূচিত জাতি ঐকা মঞ্চ’ৰ সেই ব্যক্তিকেইজনে কি পদক্ষেপ গ্রহণ কৰিছিল? হিমাংশু দাসে অবৈধ ভাবে লোৱা ধন সংগ্ৰহ কৰোতে অনুসূচিত শ্ৰেণীৰ লোক সকলক জাতিগত পৰিচয়ৰ ভিত্তিত ৰেহাই দি আছে নেকি?
তিনি) আমি দুর্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আৰম্ভ কৰা সত্য অন্বেষণ কাৰ্য্যসূচী কোনো জাত পাত বিচাৰ কৰি কৰা নাই। আমি ভালক ভাল আৰু বেয়াক বেয়া বুলি কব পাৰোঁ: কাৰণ আমি আমাৰ মন-মগজু কোনো ধনবান লোকৰ ওচৰত বন্ধকত দি ধোৱা নাই। কিন্তু, জাতি আৰু সমাজ স্মৰান্বিত কৰাৰ কথা কোৱা ‘অনুসূচিত জাতি ঐক্য মঞ্চ’ৰ নামত কেইজনমান স্বয়ম্ভূ নেতাই এগৰাকী দুর্নীতিগ্ৰভ বিষয়াৰ গুণানুকীৰ্তন কৰিবলৈ গৈ যি আচৰণ কৰিলে সেয়া ভাৰতীয় সংবিধান আৰু মানবীয় প্ৰমূল্যবোধৰ পৰিপন্থী। তেওঁলোকে যদি এইদৰে দুর্নীতিৰ বোকাত নিমজ্জিত ধনবান লোকৰ হাতৰ পুতলা হৈ সংগঠন কৰিব খুজিছে তেনেহ’লে তেওঁলোকে আমাক এখন লিষ্ট দিওক যে লিষ্ট খনত থকা ব্যক্তি দুর্নীতি ভ্রষ্টাচাৰ ত নিমজ্জিত হলেও অমুক জাতিৰ আৰু তেওঁলোকৰ পৰা তেঁওলোকৰ কিবা বিশেষ লাভালাভ হৈ আছে, তেতিয়া ৰাইজৰ আগত সেই তালিকাখন আমি সাই দি তেনে দুর্নীতিগ্ৰস্ত লোকৰ পৰা আঁতৰি থাকিম।
চাৰি) তেওঁলোকে আমাক এই কথাও স্পষ্ট কৰক যে ‘দাস’ উপাধি লিখিলেই সকলো অনুসূচীত জাতিৰ অন্তৰ্ভুক্ত হয় নেকি? আমি বহুত দাস উপাধিৰ মানুহক জানো যিসমূহ লোক অনুসূচীত জাতিৰ সলনি অন্যান্য পিছপৰা, সাধাৰণ শ্ৰেণীৰহে অন্তর্গত। আমি কেতিয়াও হিমাংশু দাসৰ জাতি কি সেয়া জানিবলৈ প্রয়াস কৰা নাই। আমাৰ বাবে তেওঁ এজন দুর্নীতিত নিমজ্জিত বিষয়া মাত্র। আপোনালোকে হে সংবাদ মেল সম্বোধন কৰি গৌৰৱৰে অসমৰ ৰাইজক জনালে দুর্নীতিৰ চৰ্দাৰ সাদকপ লোকজন কোন শ্রেণীত অন্তর্ভুক্ত আৰু আপোনালোকৰ আদর্শ।। আপোনালোকে নিজেই তেঁওৰ অনুগত বুলি পৰিচয় দি নিজেও যে সংগঠন কৰাৰ নামত দুর্নীতিৰ বৰগছৰ ছাত জিৰণি লৈ আছে সেই কথা অসমৰ ৰাইজক স্পষ্ট কৰি দিলে।
আমাক অসমৰ বিভিন্ন লোকে সহযোগিতা কৰিছে, শলাগ লৈছে হয়তো তাৰ মাজত অনুসূচীত জাতিৰ লোকো বহুত আছে। কিন্তু তেওঁলোকে দুর্নীতি ভ্ৰষ্টাচাৰৰ চৰ্দাৰস্বৰূপ হিমাংশু দাসৰ হৈ ওকালতি কৰা নাই বৰঞ্চ সকলোৱে আমাক প্রশংসা হে কৰিছে। তেনে স্থলত আপোনালোকে হিমাংশু দাসৰ আশীর্বাদ পুষ্ট হৈ কোনযিনি মানুহক প্রতিনিধিত্ব কৰি সংবাদ মেল দিছে স্পষ্ট কৰিবলৈ প্ৰত্যাহ্বান জনালোঁ।
আমি সতী ৰাধিকা আইক লৈ গর্ব কৰোঁ আৰু আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ‘সূত্ৰধাৰ’ শীর্ষক অনুষ্ঠানত আই গৰাকীৰ নামত মঞ্চ খন উচৰ্গা কৰি আই গৰাকীক সম্মান প্রদর্শন কৰিবলৈ চেষ্টা কৰি আহিছো কিন্তু এই স্বয়ম্ভূ নেতা কেইজনে হিমাংশু দাসৰ দৰে দুৰ্নীতিৰ চৰ্দাৰ বাবে হে গৌৰৱবোধ কৰে যেন ভাব হৈছে।
পাঁচ) অনুসূচীত জাতি ঐক্য মঞ্চৰ নেতা কেইজনে অসমত জাতি ভেদ প্রথাক উদগনি দি সমাজখন ভাঙিবলৈ চেষ্টা কৰি আছে নেকি স্পষ্ট কৰিব লাগে? যিহেতু তেওঁলোকে দুর্নীতিত লিপ্ত বিষয়াক ৰক্ষণাবেক্ষণ দিবলৈ গৈ জাতিৰ নামত ভেদাভেদ আনিবলৈ চেষ্টা কৰি আছে অসমৰ প্ৰতিজন ৰাইজে এই ক্ষেত্ৰত তেওঁলোকক প্রশ্ন কৰাৰ প্ৰয়োজন আছে।।
ছয়) সংবাদমেল খনত জনৈক নমশুদ্ৰ নামৰ নেতা জনে মুখ্যমন্ত্ৰীক তেওঁলোকৰ সহপাঠী বুলি কৈ দুর্নীতিৰ চৰ্দাৰৰ হৈ দালালি কৰা কাৰ্যত মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াৰ সহযোগিতা আছে বুলি বুজাব বিচাৰিছে নেকি?
Kind attention হিমাংশু দাস ডাঙৰীয়া আপুনি যিমানেই আমাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্রত লিপ্ত নহওঁক কিয়; আপোনাৰ মুখা আমি খুলিমেই। এটাৰ পিচত এটাকৈ তথ্য আৰু প্ৰমাণ আমাৰ হাতলৈ আহি আছে। এই সকলো বোৰ এটাকৈ এটাকৈ ৰাইজৰ ওচৰত দাঙি ধৰিম। আপুনি মুখ লুকাবলৈ ঠাই বিচাৰি নাপাব। সেয়েহে এতিয়াই পদত্যাগ কৰক।
মাননীয় মুখ্যমন্ত্রী মহোদয় আপোনাৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নমুনা এইবোৰে নেকি? সৰু সৰু পুথি দৰিকানাক ধৰি ডাঙৰ ৰৌ বৰালী বোৰ সৰকি যাব দিয়ে নেকি ?? বাৰম্বাৰ আপোনাৰ দৃষ্টি গোচৰ কৰাৰ পিছতো সাধাৰণ তদন্ত এটা ঘোষণা কৰা নাই; নে ইয়াৰ মাজত কিবা ৰহস্য লুকাই আছে?যদিহে নাই আপুনি অসমৰ ৰাইজৰ অভিভাৱক হিচাপে ভ্রষ্টাচাৰী হিমাংশু দাসৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰি ৰাইজক আশ্বস্ত কৰিবলৈ অনুৰোধ জনালোঁ।
সংবাদমেলত এইদৰে উল্লেখ কুটুম্ব সুৰক্ষা পৰিষদৰ।

