নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত আদাবাৰী গাঁৱৰ জয় ৰাজ কাশ্যপে ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি ৰাষ্ট্ৰীয় স্কুল গেমছৰ বাবে নিৰ্বাচিত হৈ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। গুৱাহাটীৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত ৩১ অক্টোবৰ ২০২৬ ত অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি জয় ৰাজ কাশ্যপে সোণৰ পদক অৰ্জন কৰে।
এই সফলতাৰ বাবেই অহা ডিচেম্বৰ মাহত মধ্য প্ৰদেশৰ ইনডোৰত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় স্কুল গেমছৰ বাবে তেওঁ নিৰ্বাচিত হৈছে। জয় ৰাজ কাশ্যপ আদাবাৰী গাঁৱৰ বাসিন্দা স্বৰ্গীয় হৰমোহন কলিতা আৰু দুৰ্গেশ্বৰী কলিতাৰ নাতি, ৰিংকু কলিতা আৰু হিৰুমনি কলিতাৰ পুত্ৰ। তেওঁ গুৱাহাটী খানাপাৰাত অৱস্থিত ইউনিফাইড কাৰাটে গিল্ডৰ প্ৰশিক্ষাৰ্থী। তেওঁৰ এই সফলতাত পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো সফলতা অৰ্জন কৰিবলৈ শুভেচ্ছা জনাইছে।

