সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰজত জয়ন্তী বৰ্ষৰ শুভাৰম্ভণিঃ ‘ৰমেশ চন্দ্ৰ চক্ৰৱৰ্তী স্মাৰক আন্তঃ ডিমৰীয়া বিদ্যালয় সাধু কোৱা প্ৰতিযোগিতা’ৰ সফল সামৰণি

ঐতিহাসিক সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন বৰ্ষ ২০২৬-২৭ৰ বৰ্ণিল কাৰ্যসূচীৰ শুভাৰম্ভণি উপলক্ষে আজি বিদ্যালয়খনৰ প্ৰাংগণত অনুষ্ঠিত হয় ‘ৰমেশ চন্দ্ৰ চক্ৰৱৰ্তী স্মাৰক আন্তঃ ডিমৰীয়া বিদ্যালয় সাধু কোৱা প্ৰতিযোগিতা’। ডিমৰীয়া অঞ্চলৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণেৰে প্ৰতিযোগিতাখনে বিদ্যালয় চৌহদত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।

পুৱা ১০ বজাত আৰম্ভ হোৱা এই প্ৰতিযোগিতাত ডিমৰীয়া অঞ্চলৰ মুঠ ২৪খন বিদ্যালয়ৰ পৰা দুগৰাকীকৈ, অৰ্থাৎ ৪৮গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি নিজৰ সাধু কোৱাৰ প্ৰতিভা আৰু সৃজনশীলতা প্ৰদৰ্শন কৰে। স্মৃতা গোস্বামী বৰা আৰু ঋতুপৰ্ণা হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে নিশিপ্ৰভা চক্ৰৱৰ্তীয়ে।

ইয়াৰ পাছতে বিদ্যালয়ৰ শৈক্ষিক অধ্যক্ষ মৌচুমী চৌধুৰী আৰু মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি হেৰম্ব প্ৰসাদ শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰে। সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নিজৰা দাসে উদ্বোধক হিচাপে উপস্থিত থাকি প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

অনুষ্ঠানত আমন্ত্ৰিত অতিথি তথা বিচাৰক হিচাপে উপস্থিত থাকে সোণাপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপিকা ড° ৰুণু কলিতা আৰু সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ঋতামণি শৰ্মা। আনহাতে, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়খনৰে অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী অৰুণীমা বৰুৱা। বিচাৰকদ্বয়ে প্ৰতিযোগিতাৰ নীতি-নিয়ম ঘোষণা কৰাৰ পাছতে আৰম্ভ হয় মূল প্ৰতিযোগিতা।

দিনজোৰা প্ৰতিযোগিতাৰ অন্তত বিচাৰকসকলৰ মূল্যৱান মন্তব্যৰ পাছতে চূড়ান্ত ফলাফল ঘোষণা কৰা হয়। প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি প্ৰথম স্থান লাভ কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন, ক্ষেত্ৰীৰ আয়ুষ্মান বেজবৰুৱাই। দ্বিতীয় স্থান লাভ কৰে সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জাকিৰ হুছেইন লস্কৰে আৰু তৃতীয় স্থান অধিকাৰ কৰে কমাৰকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ চিল্পা টুমুঙে।

বিয়লিৰ ভাগত সন্মানীয় অতিথি অৰুণীমা বৰুৱাৰ আকৰ্ষণীয় মন্তব্যৰ পাছতে বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সম্পাদক ড° বিপুল বৰাৰ লগতে সমিতিৰ বিষয়ববীয়া, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

উল্লেখ্য যে, বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উদযাপন বৰ্ষৰ আৰম্ভণিতে এনে এক ব্যতিক্ৰমী প্ৰতিযোগিতাৰ আয়োজনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত সাধুকথাৰ চৰ্চা, ভাষিক দক্ষতা, কল্পনাশক্তি আৰু সৃজনশীল প্ৰতিভাৰ বিকাশৰ এক সুন্দৰ মঞ্চ গঢ়ি তোলা হয়।

Related Articles