দীপাৱলীক আদৰিবলৈ মাটিৰ চাকি নিৰ্মাণত ব্যস্ত কঠিয়াতলীৰ মৃৎশিল্পী…

সমাগত পোহৰৰ উৎসৱ দীপাৱলী। মাজত মাথোঁ দুটা দিন বাকী। দীপাৱলীক আদৰিবলৈ ৰাজ্যৰ চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি। পোহৰৰ উৎসৱক আদৰিবলৈ সকলো ব্যস্ত হৈ পৰাৰ সময়তে কঠিয়াতলীত মাটিৰ চাকি নিৰ্মাণত দিনে-নিশাই ব্যস্ত হৈ পৰিছে স্থানীয় মৃৎশিল্পীসকল। মৃৎশিল্পীসকলৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিভিন্ন আকাৰৰ মাটিৰ চাকি। কঠিয়াতলীৰ লুংপুং নিবাসী ৰীনা পাল নামৰ এগৰাকী মৃৎশিল্পীয়ে বিগত প্ৰায় ৩০ বছৰ ধৰি মাটিৰ চাকি নিৰ্মাণৰ সৈতে জড়িত হৈ জীৱন নিৰ্বাহ কৰি আহিছে।

বছৰ বছৰ ধৰি এই পৰম্পৰাগত শিল্পক আঁকোৱালি লৈ অহা ৰীনা পালে দীপাৱলীৰ প্ৰাকক্ষণত অধিক ব্যস্ততাৰে চাকি নিৰ্মাণত মনোনিৱেশ কৰিছে।
কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে আধুনিক বৈদ্যুতিক আলোকসজ্জাৰ প্ৰচলন বৃদ্ধিৰ ফলত ক্ৰমাৎ হ্ৰাস পাইছে মাটিৰ চাকিৰ চাহিদা। ইয়াৰ পৰিণতিত পৰম্পৰাগত মৃৎশিল্পৰ সৈতে জড়িত শিল্পীসকলৰ জীৱন-জীৱিকালৈ নামি আহিছে অনিশ্চয়তা। তথাপিও পুৰণি পৰম্পৰাক জীয়াই ৰখাৰ আশাৰে মৃৎশিল্পীসকলে অব্যাহত ৰাখিছে তেওঁলোকৰ এই প্ৰচেষ্টা।


এফালে দীপাৱলীৰ পোহৰেৰে ঘৰ-দুৱাৰ উজলাই তোলাৰ প্ৰস্তুতি, আনফালে পৰম্পৰাগত জীৱিকা জীয়াই ৰখাৰ সংগ্ৰাম। মাটিৰ চাকিৰ পোহৰ কেৱল দীপাৱলীৰ সৌন্দৰ্যৰ প্ৰতীকেই নহয়, ই আমাৰ ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতিৰো এক অবিচ্ছেদ্য অংগ। সেয়েহে, এই দীপাৱলীত বৈদ্যুতিক আলোকসজ্জাৰ সমান্তৰালভাৱে মাটিৰ চাকি ব্যৱহাৰ কৰি থলুৱা মৃৎশিল্পীসকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ পৰম্পৰাগত শিল্পক জীয়াই ৰখাত সহায় কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে সচেতন মহলে।

Related Articles