জনপ্ৰিয় অভিনেতা অতুল পাচনিলৈ আগবঢ়োৱা হৈছে জীৱনজোৰা সাধনা বঁটা।
এই বঁটা প্ৰদান কৰে সাপ্তাহিক বাতৰি কাকত “কৱচ” পৰিয়ালে।
কাকত খনৰ ত্ৰিদশকীয় বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা।
বঁটাত আছে অসমীয়াৰ স্বাভিমান এখন ফুলাম গামোচা, এখন চেলেং চাদৰ, এটা জাপি, এখন সম্বৰ্ধনা পত্ৰ, এখন শৰাই আৰু এখন মুখপত্ৰ।
উল্লেখ্য যে প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত সাপ্তাহিক কাকত “কৱচ” বৰ্ষপূৰ্তি উপলক্ষে মুখপত্ৰ “কৱচৰ ভাখেৰী” উন্মোচন কৰে বিশিষ্ট সাংবাদিক অদ্বীপ কুমাৰ ফুকনে।
মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক সুচীল পাটোৱাৰী।
পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰায় শতাধিক সাংবাদিক, সংবাদকৰ্মী তথা পঢ়ুৱৈ সমাজ উপস্থিত থাকে।

