প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা মাণ্ডলিকৰ উদ্যোগত আৰু কমাৰগাঁও বুনিয়াদী সংঘৰ আতিথ্যত অহা ২৬ আৰু ২৭ ছেপ্টেম্বৰত কমাৰগাঁও বুনিয়াদী সংঘৰ নামঘৰ প্ৰাংগণত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।
মহোৎসৱখনি সাফল্যমণ্ডিত কৰিবলৈ মাণ্ডলিক সংঘৰ সভাপতি বিপিন চন্দ্ৰ বৰা আৰু সম্পাদক গোপাল কোঁৱৰৰ লগতে আদৰণি সমিতিৰ সভাপতি হীৰা দত্ত আৰু সম্পাদক টংক দত্তৰ নেতৃত্বত ইতিমধ্যে প্ৰায় ৯০ শতাংশ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।
কাৰ্যসূচী অনুসৰি, ২৬ ছেপ্তেম্বৰৰ পুৱা গছপুলি ৰোপণ, শৰাই প্ৰতিষ্ঠা আৰু পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হ’ব। দিনৰ ভাগত ভাগৱত পাঠ, শিশুৰ বৰগীত আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া বন্তি প্ৰজ্জ্বলন আৰু নিশা অখণ্ড নাম পৰিবেশন কৰা হ’ব।
আনহাতে, ২৭ ছেপ্তেম্বৰৰ পুৱা ৯-৩০ বজাত কেন্দ্ৰীয় সংঘৰ সম্পাদক ভূপেন বৰুৱাৰ দ্বাৰা ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰা হ’ব। দিনৰ ১২-৩০ বজাত মাণ্ডলিক সভাপতি বিপিন চন্দ্ৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’বলগীয়া মূল ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় সংঘৰ সভাপতি দিগন্ত ভূঞা, উপ-সভাপতি ভুবন গোহাঁই, অধ্যাপক প্ৰেমানন্দ তালুকদাৰ আৰু মুখ্য শৰণাচাৰ্য চন্দ্ৰ কমল বৰা।
মহোৎসৱৰ সামৰণি হিচাপে নিশা ৯ বজাত কমাৰগাঁও যুৱক-যুৱতীসকলৰ দ্বাৰা “ভাগৱত মাহাত্ম্য গোকৰ্ণ – ধুন্ধুকাৰী আখ্যান” শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰা হ’ব। উদ্যোক্তাসকলে এই পৱিত্ৰ মহোৎসৱত সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সৰ্বাত্মক সহযোগিতা কামনা কৰিছে।

