অভিশপ্ত ১৯ ছেপ্টেম্বৰ আৰু জুবিনবিহীন এটা বছৰ সম্পূৰ্ণ হোৱাৰ দিশে। সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হয়
জুবিন গাৰ্গ ফেন ক্লাৱ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ, শংখধ্বনি সামাজিক সাংস্কৃতিক গোষ্টি, অগ্ৰগামীনি সামাজিক সাংস্কৃতিক গোষ্টিৰ কৰ্তৃপক্ষ।
কেনেদৰে অনুৰাগীৰ সৈতে পালন কৰিব গণশিল্পীগৰাকীৰ এবছৰীয়া বৰ্ষপূৰ্তি, আলোচনাত মিলিত হয় । ১৭,১৮ আৰু ১৯ ছেপ্টেম্বৰ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ’ব গণশিল্পী গৰাকীৰ এবছৰীয়া বৰ্ষপূৰ্তি। তিনিদিনীয়া কাৰ্যসূচীত হ’ব ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান, ভাওনা।
১৭ ছেপ্টেম্বৰ তাৰিখে হ’ব সৰ্বধৰ্মীয় প্ৰাৰ্থনা, ১৮ ছেপ্টেম্বৰ তাৰিখে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান,নাম প্ৰসংগ আদি ইচ্ছুক অনুৰাগীয়ে অনুষ্ঠান পৰিবেশন কৰিব পাৰিব, ১৯ ছেপ্টেম্বৰ পুৱা আসন স্থাপন কৰি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ভাগৱত পাঠ আৰু নিশালৈ অনুষ্ঠিত হব ভাওনা।
ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই জুবিন ক্ষেত্ৰৰ সকলো কাম খৰতকীয়া কৰাৰ বাবে আৰাম্ভ কৰিছে ।

