নগাঁও, ২০ এপ্ৰিলঃ অসমৰ ইতিহাসৰ অন্যতম নৃশংস ঘটনাৰূপে পৰিগণিত অভি-নীল হত্যাকাণ্ডৰ গোচৰত আজি চূড়ান্ত ৰায় প্ৰদান কৰে Nagaon District and Sessions Court-এ। সুদীৰ্ঘ ৮ বছৰ ধৰি চলি থকা এই গোচৰৰ শুনানিৰ অন্তত আদালতে ২০জন অভিযুক্তক দোষী সাব্যস্ত কৰাৰ বিপৰীতে ২৫জনক নিৰ্দোষ ঘোষণা কৰে।
উল্লেখ্য যে, ২০১৮ চনৰ ৮ জুনত Dokmokaৰ পাণজুৰি গাঁৱত সংঘটিত হৈছিল এই জঘন্য হত্যাকাণ্ড। কাৰ্বি আংলঙলৈ ভ্ৰমণলৈ গৈছিল দুই যুৱক Nilotpal Das আৰু Abhijeet Nath। কিন্তু ‘সোপাধৰা’ সন্দেহত একাংশ উন্মত্ত লোকৰ আক্ৰমণৰ বলি হৈ দুয়োয়ে মৰ্মান্তিকভাৱে প্ৰাণ হেৰুৱাইছিল।
ঘটনাটোৱে সমগ্ৰ দেশক কঁপাই তুলিছিল, বিশেষকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টোত নীলোৎপল দাসৰ কাতৰ আহ্বানে সকলোকে বিষাদগ্ৰস্ত কৰি তুলিছিল। জীৱন ৰক্ষাৰ বাবে আকুল অনুৰোধ কৰাৰ পিছতো উন্মত্ত জনতাৰ হাতৰ পৰা ৰক্ষা পোৱা নাছিল দুয়ো যুৱক।
ঘটনাৰ পিছতে আৰক্ষীয়ে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰি ৪৮ ঘণ্টাৰ ভিতৰত ৪৮জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰে ৩জন নাবালক হোৱাত ৰেহাই দিয়া হৈছিল। পিছত আৰক্ষীয়ে প্ৰায় ৮০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল।
৮ বছৰ ধৰি চলা শুনানিৰ অন্তত আজি আদালতে চূড়ান্ত ৰায়দান কৰে যদিও দোষী সাব্যস্ত কৰা অভিযুক্তসকলৰ শাস্তি এতিয়াও ঘোষণা কৰা হোৱা নাই। আদালতে জনোৱা অনুসৰি, অহা ২৪ এপ্ৰিলত শাস্তি ঘোষণা কৰা হ’ব।
এতিয়া অপেক্ষা ২৪ এপ্ৰিললৈ, ২০ অভিযুক্তৰ কি শাস্তি হয় তাৰ অপেক্ষাত অভি-নীলৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসী।

