গুৱাহাটীৰ মাজ-মজিয়াত দেশ জোকাৰি যোৱা ঘটনা! হোটেল বিলাস ইনত ঘাতকৰ গুলীত ৫ জনৰ মৃত্যু, ৰহস্য কি?

গুৱাহাটীৰ মাজ-মজিয়াত দেশ জোকাৰি যোৱা ঘটনা! হোটেল বিলাস ইনত ঘাতকৰ গুলীত ৫ জনৰ মৃত্যু, ৰহস্য কি?

মহানগৰীৰ মাজ-মজিয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডই। গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত ভয়ংকৰ গুলীচালনাৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। এই ঘটনাত একেটা পৰিয়ালৰ ৪ জন সহ মুঠ ৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।কি হৈছিল নিশা?আৰক্ষী সূত্ৰৰ তথ্য অনুসৰি, সোমবাৰে নিশা হোটেল বিলাস ইনৰ ভিতৰত আকস্মিকভাৱে গুলীচালনাৰ শব্দ শুনা যায়।

প্ৰত্যক্ষদৰ্শীৰ মতে, অভিযুক্ত ঘনকান্ত গগৈয়ে হাতত থকা বন্দুকেৰে লগে লগে ৫ জন লোকলৈ লক্ষ্য কৰি গুলীচালনা কৰে। ঘটনাস্থলীতে ৪ জনৰ মৃত্যু হয় আৰু আন এজনক গুৰুতৰভাৱে আহত অৱস্থাত হাস্পতাললৈ নিয়াৰ পিছত মৃত্যু হয়।মৃতসকল একেটা পৰিয়ালৰ বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে যদিও আৰক্ষীয়ে এতিয়াও তেওঁলোকৰ নাম-ঠিকনা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই।হত্যাৰ আঁৰৰ ৰহস্য – ভাড়া আৰু লিজৰ বিবাদ?এই নৃশংস হত্যাকাণ্ডৰ আঁৰত হোটেলৰ ভাড়া আৰু লিজক লৈ চলি থকা দীৰ্ঘদিনীয়া বিবাদ থকাৰ অভিযোগ উঠিছে।স্থানীয় সূত্ৰৰ মতে, হোটেলখনৰ মালিক পক্ষ আৰু লিজত লোৱা পক্ষৰ মাজত দীৰ্ঘদিন ধৰি টকা-পইচা আৰু চুক্তিক লৈ সংঘাত চলি আছিল। সেই বিবাদেই কালত এই ভয়ংকৰ ৰূপ ল’লে বুলি সন্দেহ কৰা হৈছে।অভিযুক্ত ঘনকান্ত গগৈক আৰক্ষীয়ে ইতিমধ্যে জিম্মাত লৈছে আৰু ঘটনাত ব্যৱহৃত অস্ত্ৰটোও জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে।আৰক্ষীৰ তদন্ত অব্যাহতঘটনাৰ খবৰ পোৱাৰ লগে লগে গুৱাহাটী আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ফৰেনছিক দলেও হোটেলৰ ভিতৰৰ পৰা প্ৰমাণ সংগ্ৰহ কৰিছে।গুৱাহাটী আৰক্ষী আয়ুক্তই জনোৱা মতে, “এয়া এক অতি দুৰ্ভাগ্যজনক ঘটনা। আমি সকলো দিশৰ পৰা তদন্ত কৰি আছো। অভিযুক্তক সোধা-পোছা চলি আছে। প্ৰকৃত হত্যাৰ উদ্দেশ্য তদন্তৰ পিছতহে স্পষ্ট হ’ব।”মহানগৰীৰ মাজ-মজিয়াত এনেদৰে দিন-দুপৰতে সংঘটিত হোৱা এই গুলীচালনাৰ ঘটনাই নাগৰিকৰ নিৰাপত্তাক লৈও ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।

মিকভাৱে লাভ কৰা তথ্য অনুসৰি, হোটেলখন ভাৰাত লৈছিল অভিযুক্ত ঘনকান্ত গগৈয়ে। হেলেনা ভৰালীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, প্ৰায় ডেৰ বছৰ ধৰি হোটেলৰ ভাৰা আদায় দিয়া নাছিল ঘাতক ঘনকান্তই। হোটেলখনৰ চুক্তিৰ ম্যাদো শেহতীয়াকৈ শেষ হোৱাৰ উপক্ৰম হৈছিল। পাবলগীয়া ধন আদায় বিচৰা আৰু হোটেলৰ লিজ বাতিল কৰাৰ বিষয়ক লৈ সৃষ্টি হোৱা বিবাদৰ পৰিণতিতে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে হেলেনাৰ পৰিয়ালৰ লোকে।

Related Articles