অম্বুবাচী উপলক্ষে চাফাই কাৰ্যসূচীৰ বুজ ল’লে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে

চলিত অম্বুবাচী মেলা উপলক্ষে দূৰদূৰণিৰ পৰা অহা ভক্তসকলে যাতে স্বচ্ছ আৰু নিকা পৰিৱেশত মা কামাখ্যাৰ আশীষপুষ্ট হ’ব পাৰে তাৰ প্ৰতি অসম চৰকাৰে সুক্ষ্ম দৃষ্টি ৰাখিছে। সেই অনুসৰি আজি পুৱাৰ ভাগতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে ভূতনাথ শ্মশানৰ সন্মুখৰ পৰা মা-কামাখ্যা মন্দিৰলৈ জিএমচিৰ চাফাই কাৰ্যসূচী পৰিদৰ্শন কৰাৰ লগতে সামগ্রিক পৰিৱেশৰ বুজ লয়।

পৰিদৰ্শন কালত জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়া আৰু আয়ুক্ত চিন্ময় প্ৰকাশ ফুকন উপস্থিত থাকে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকী সংশ্লিষ্ট সকলোকে নিষ্ঠাসহকাৰে নিজ নিজ দায়িত্ব পালন কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে চাফাই অভিযান দিনৰ চব্বিশ ঘণ্টাই চলি থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উল্লেখযোগ্য যে পৱিত্ৰ অম্বুবাচী মহাযোগ উপলক্ষে ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন প্ৰান্ত তথা বিদেশৰ পৰা অহা অগণন ভক্তৰ সমাৱেশ ঘটিছে মা-কামাখ্যা ধামত। মন্ত্ৰীগৰাকীয়ে অম্বুবাচী মেলা উপলক্ষে সকলো ভক্তলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কোনো অসুবিধা নোহোৱাকৈ সকলোৱে মা-কামাখ্যাৰ আশীৰ্বদেৰে ধন্য হ’ব পাৰিব বুলি আশা প্ৰকাশ কৰে।

Related Articles