‘এহাতে বন্ধুক আৰু আনখন হাতেৰে কলম তুলি দেশ আৰু জাতিক সুৰক্ষাৰ বাবে অহৰহ কাম কৰা যুৱক জনেই হ’ল মনজিৎ দাস (কিৰণ)।দেশৰ সুৰক্ষাৰ গুৰু দায়িত্ব পালন কৰিও তেওঁ কলমেৰে সমাজ তথা জাতিৰ বাবে কাম কৰি গৈছে অহৰহ। সেই কামৰেই ফচল এই ‘কৈৱৰ্ত জাতিৰ ঐতিহ্য আৰু ইতিহাস’ এই মন্তব্য লেখক তথা শিক্ষাবিদ প্ৰফুল্ল কুমাৰ চুতীয়াৰ। আজি ঢকুৱাখনা গ্ৰন্থমেলাৰ পঞ্চম দিনটোত ভাৰতীয় সেনাৰ জোৱান তথা লেখক মনজিৎ দাসৰ গ্ৰন্থ তথা গুৱাহাটীস্থিত পুৰুলীল প্ৰিণ্ট এণ্ড পাব্লিকেশ্বন’-এ প্ৰকাশ কৰা “কৈৱৰ্ত জাতিৰ ঐতিহ্য আৰু ইতিহাস” উন্মোচন কৰি লেখক, শিক্ষাবিদ তথা সপ্তম ঢকুৱাখনা গ্ৰন্থমেলাৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল চুতীয়াই উল্লিখিত মন্তব্য কৰে।
এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে বিশিষ্ট কবি-লেখিকা মৌচুমী গগৈ হাতীবৰুৱা, চুতীয়া সাহিত্য সন্মিলন, অসমৰ সভাপতি ৰাজীৱ বৰুৱা, ঢকুৱাখনা গ্ৰন্থমেলা সমিতিৰ উপ সভাপতি ক্ৰমে- হেমন্ত কুমাৰ বৰুৱা, কল্পনা গগৈ আৰু প্ৰধান সম্পাদক-পাৰ্থ প্ৰতিম বৰুৱাই অংশগ্ৰহণ কৰে।
ঢকুৱাখনাৰ ৰাইজক আৰু উঠি অহা প্ৰজন্মক নতুন নতুন গ্ৰন্থৰ সৈতে পৰিচয় কৰাই দিবলৈ ২০১৯ চনৰ পৰা ক্ৰমাগতভাৱে আয়োজন কৰি অহা ঢকুৱাখনা গ্ৰন্থমেলাৰ আজি পঞ্চম দিনাৰ পুৱা ১১ বজাৰ পৰা প্রয়াত সুৰেন্দ্ৰ নাথ বৰুৱা সোঁৱৰণী ৰচনা লিখা প্রতিযোগিতা অনুষ্ঠিত হয়।
এই প্ৰতিযোগিতাখনি উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যন্ত্র বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° প্রাঞ্জল বড়াই। ইয়াৰ পিছতেই দুপৰীয়া এক বজাৰ পৰা প্রয়াত মূলাৰাম দত্ত আৰু ডিম্বেশ্বৰ চেতিয়া সোঁৱৰণী কেৰিয়াৰ সজাগতা অনুষ্ঠান। হাৰ্হি মহাবিদ্যালয়ৰ অধ্যাপক ৰাজেশ চেতিয়াই উদ্ধোধন কৰা এই অনুষ্ঠান পৰিচালনা কৰে অসম প্রশাসনিক সেৱা অৱসৰী বিষয়া যোগেশ বৰুৱা আৰু আন্তৰ্জাতিক খ্যাতি
সম্পন্ন চিত্ৰশিল্পী দিলীপ তামুলীয়ে। অন্যহাতে, এই অনুষ্ঠানত ক্ৰমে-
ঢকুৱাখনা টাউন হাইস্কুল, মনোৰঞ্জন ডান্স একাডেমী, নৃত্যধাৰা, ৰঙ্গভূমি, ৰিভাৰ ভিউ পাব্লিক স্কুল আৰু হিলৈদাৰী এম.ই. স্কুল (ধেনুখনা)ৰ শিক্ষাৰ্থীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। কাইলৈ গ্ৰন্থমেলাৰ ষষ্ঠ দিনা ১৫ নৱেম্বৰত দিনৰ- ১১.৩০ বজাত প্রয়াত ৰঙিলী শইকীয়া সোঁৱৰণী বক্তৃতা প্রতিযোগিতা উদ্বোধন কৰিব ঢকুৱাখনা কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
সহকাৰী শিক্ষক বিদ্যুৎ চমুৱাই। দিনৰ- ১.৩০ বজাত, লেখক-সাংবাদিক অৰুণ চমুৱাৰ সম্পাদনাত প্ৰকাশ পাব লগা গ্ৰন্থমেলাৰ স্মৃতি গ্রন্থ ‘গ্রন্থজ্যোতি’ উন্মোচন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ, প্রাধ্যাপক,ড° পল্লৱী ডেকা বুজৰবৰুৱাই। দুপৰীয়া-
২.৩০ বজাত প্রবীণ সাংস্কৃতিক কর্মী সকলৰ ‘অন্তৰঙ্গ আলাপ’ অনুষ্ঠান।
আৰু বিয়লি-৫.০০ বজাত প্রয়াত কিৰণ চন্দ্ৰ বৰুৱা সোঁৱৰণী “সাংস্কৃতিক অনুষ্ঠান” আৰম্ভ হ’ব।চাইছাৰ কেন্দ্ৰীয় সভাপতি তথা ৰংগভূমিৰ সঞ্চালক কৌস্তভ কিশোৰ চুতীয়াই উদ্ধোধন কৰিব লগা এই অনুষ্ঠানত ক্ৰমে- চেইন্ট থমাচ স্কুল, কান্ত খনিকৰ হাইস্কুল ঘিলামৰা, স্মার্ট চাইল্ড স্কুল, শিক্ষক প্রশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনা আৰু ঢকুৱাখনা নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে
অনুষ্ঠান পৰিবেশন কৰিব।

