ভাৰত-জাপানৰ মাজত ঔষধ উদ্যোগত সহযোগিতাৰ নতুন সম্ভাৱনাঃ ছিগনোভা হেল্থকেয়াৰত জাপানৰ উচ্চস্তৰীয় প্ৰতিনিধি দল আৰু আইআইটি গুৱাহাটীৰ দলৰ পৰিদৰ্শন

ভাৰত আৰু জাপানৰ মাজত ঔষধ উদ্যোগৰ ক্ষেত্ৰত প্ৰযুক্তিগত সহযোগিতা, উদ্ভাৱন আৰু গৱেষণাৰ নতুন সম্ভাৱনা সৃষ্টি কৰাৰ লক্ষ্যৰে ছিগনোভা হেল্থকেয়াৰ প্ৰাইভেট লিমিটেডৰ ঔষধ উৎপাদন কেন্দ্ৰ পৰিদৰ্শন কৰে জাপানৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে। এই প্ৰতিনিধি দলটোৰ সৈতে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) গুৱাহাটীৰ এটা দলও উপস্থিত থাকে। ১১ নৱেম্বৰত অনুষ্ঠিত এই পৰিদৰ্শন কাৰ্যসূচীয়ে ভাৰত আৰু জাপানৰ মাজত ঔষধ উদ্যোগৰ ক্ষেত্ৰত জ্ঞানৰ আদান-প্ৰদান, পাৰস্পৰিক সহযোগিতা আৰু ভৱিষ্যতৰ সম্ভাৱনাসমূহ অন্বেষণ কৰাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে।এই উপলক্ষে ছিগনোভা হেল্থকেয়াৰে প্ৰতিনিধি দলটোৰ সন্মুখত নিজৰ ঔষধ উৎপাদন কেন্দ্ৰৰ আন্তঃগাঁথনি, উৎপাদন ক্ষমতা, কাৰিকৰী সুবিধা আৰু উৎপাদন প্ৰক্ৰিয়াৰ বিভিন্ন দিশ দাঙি ধৰে। জাপানৰ প্ৰতিনিধি দল আৰু আইআইটি গুৱাহাটীৰ সদস্যসকলে উৎপাদন কেন্দ্ৰটো পৰিদৰ্শন কৰি কোম্পানীটোৰ উৎপাদন কাৰ্যকলাপৰ বিষয়ে বিস্তৃত ধাৰণা লাভ কৰাৰ লগতে ঔষধ উৎপাদন আৰু বিকাশৰ বিভিন্ন দিশ সন্দৰ্ভত কোম্পানীটোৰ প্ৰতিনিধিসকলৰ সৈতে মত-বিনিময় কৰে।কাৰ্যসূচীৰ আৰম্ভণিতে ছিগনোভা হেল্থকেয়াৰ প্ৰাইভেট লিমিটেডৰ সঞ্চালক বিজয় কুমাৰে প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনায়।

তেওঁ নিজৰ বক্তব্যত ঔষধ উদ্যোগৰ বিকাশ আৰু উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, জ্ঞানৰ আদান-প্ৰদান আৰু প্ৰযুক্তিগত অংশীদাৰিত্বৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।ইয়াৰ পিছতে প্ৰতিনিধি দলটোক উৎপাদন কেন্দ্ৰটো পৰিদৰ্শন কৰোৱা হয়। এই সময়ছোৱাত তেওঁলোকক কোম্পানীটোৰ আন্তঃগাঁথনি, উৎপাদন ব্যৱস্থা আৰু কাৰ্যপৰিচালনাৰ বিভিন্ন দিশৰ বিষয়ে অৱগত কৰা হয়। এই আলোচনাত কোম্পানীটোৰ আন এগৰাকী সঞ্চালক ৰঞ্জন কুমাৰ ডেকাই অংশগ্ৰহণ কৰি প্ৰতিনিধি দলটোৰ সৈতে মত-বিনিময় কৰে। আলোচনাত দুয়োপক্ষৰ পাৰস্পৰিক স্বাৰ্থ জড়িত বিভিন্ন বিষয় আৰু ভৱিষ্যতে সহযোগিতাৰ সম্ভাৱনাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।একেদৰে কোম্পানীটোৰ সঞ্চালক সত্ৰজিত কনুংগোৱেও আলোচনাত অংশগ্ৰহণ কৰি উদ্ভাৱন, প্ৰযুক্তিগত আদান-প্ৰদান আৰু প্ৰতিষ্ঠানিক সহযোগিতাৰ জৰিয়তে অৰ্থপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব গঢ়ি তোলাৰ গুৰুত্বৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰে।

এই কাৰ্যসূচীত আইআইটি গুৱাহাটীৰ জৈৱবিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিকী বিভাগৰ মুৰব্বী তথা অধ্যাপক (এইচএজি) উৎপল বৰাও নিজৰ দলৰ সৈতে উপস্থিত থাকে। জাপানৰ প্ৰতিনিধি দল, আইআইটি গুৱাহাটীৰ দল আৰু ছিগনোভা হেল্থকেয়াৰৰ প্ৰতিনিধিসকলৰ মাজত অনুষ্ঠিত মত-বিনিময়ৰ অধিৱেশনত ঔষধ উদ্যোগৰ সৈতে জড়িত পেছাদাৰী অভিজ্ঞতা, কাৰিকৰী দৃষ্টিভংগী আৰু ভৱিষ্যতে সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয়।এই পৰিদৰ্শনে ঔষধ উদ্যোগত উদ্ভাৱন, উন্নত উৎপাদন ব্যৱস্থা আৰু প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বৰ্ধিত গুৰুত্ব প্ৰতিফলিত কৰে। লগতে ভাৰত আৰু জাপানৰ মাজত উদ্যোগিক প্ৰতিষ্ঠান আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ বাট মুকলি কৰে।শেষত ছিগনোভা হেল্থকেয়াৰ প্ৰাইভেট লিমিটেডে জাপানৰ প্ৰতিনিধি দল আৰু আইআইটি গুৱাহাটীৰ দলটোক তেওঁলোকৰ পৰিদৰ্শন আৰু গঠনমূলক মত-বিনিময়ৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। অনাগত দিনত এই যোগাযোগক অধিক আগুৱাই নিয়াৰ লগতে ভাৰত আৰু জাপানৰ মাজত ঔষধ উদ্যোগৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ নতুন সুযোগ সৃষ্টি কৰাৰ আশা প্ৰকাশ কৰে।

Related Articles