আজিৰে পৰা অম্বুবাচী মহাযোগ।
আজি নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি।
প্ৰবৃত্তিৰ লগে লগে তিনিদিন ধৰি বন্ধ হৈ পৰিব কামাখ্যাৰ দুৱাৰ।
২৬ জুনৰ পুৱা নিত্য পূজাৰ পাছতে খোল খাব শক্তিপীঠৰ দুৱাৰ।
অম্বুবাচীৰ তিনিদিন উদুলি-মুদুলি হৈ পৰিব নীলাচলৰ বুকু।
শক্তি সাধনাৰ বাবে কামাখ্যা ধামত উপস্থিত হৈছে সাধু-সন্ত।
দেশ বিদেশৰ ভক্তৰে ভৰিছে কামাখ্যা মন্দিৰ বাকৰি।

