অসমত জেন-জিৰ ধাৰণা এক ষড়যন্ত্ৰ…

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাত নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে তৃতীয়বাৰলৈ ৰাজ্যত চৰকাৰ গঠনৰ সুবিধা লাভ কৰিছে বিজেপি দল৷ এই নিৰ্বাচনত দলৰ প্ৰদৰ্শন সন্দৰ্ভত গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ শৰ্মাই বিজেপিৰ অভূতপূৰ্ব সমৰ্থন কৰাৰ বাবে অসমৰ জনতাক ধন্যবাদ জনায়৷ তেওঁ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকো ধন্যবাদ জনায়৷

কংগ্ৰেছে জুবিন গাৰ্গৰ প্ৰসংগ নিৰ্বাচনী ইস্তাহাৰত অন্তৰ্ভুক্ত কৰাৰ বাবেই দলটো অসমৰ ৰাইজৰ পৰা বহু যোজন আঁতৰলৈ গুচি গ’ল বুলিও তেওঁ কয়৷ একেৰাহে তিনিবাৰ শাসনৰ সিবিধা পোৱা দেশৰ বিজেপি শাসিত ৰাজ্যসমূহৰ ভিতৰত অসমেও স্থান লাভ কৰা বুলি তেওঁ কয়৷ তিনি গগৈৰ ধাৰণাটো এক ষড়যন্ত্ৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসমৰ ৰাজনীতিত জাতি-ধৰ্ম-বণৰ্ৰ কোনো স্থান নাই৷ অসমত জেন জিৰ ধাৰণা একাংশ সংবাদ মাধ্যমৰ সৃষ্টি বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপিয়ে যিসকল জেন জি প্ৰাৰ্থী আগবঢ়াইছিল তেওঁলোক আটাইয়ে জয়ী হৈছে৷

এইবাৰ বিৰোধী পক্ষত হয়তো হিন্দু বিধায়ক নাথাকিবই বুলিও তেওঁ কয়৷ ‘শতকেৰে হেট্ৰিক’- ফেচবুকত হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট– বিজেপিৰ চমকপ্ৰদ ফলাফলৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুকত পোষ্ট৷ মুখ্যþমন্ত্ৰীগৰাকীয়ে ফেচবুক পোষ্টত লিখিছে– ‘শতকেৰে হেট্ৰিক’৷ ইতিমধ্যে জালুকবাৰী সমষ্টিৰ পৰা ষষ্ঠবাৰলৈ বিজয় সাব্যস্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাই৷

Related Articles