অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী ! গুৱাহাটীত মোডী-টাকাইচি বৈঠকৰ সম্ভাৱনা

ভাৰত-জাপান সম্পৰ্কক নতুন উচ্চতালৈ নিয়াৰ সম্ভাৱনা সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি অহা ১ জুলাইৰ পৰা তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব পাৰে। এই ভ্ৰমণকালত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এক গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। বিশেষ তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল, এই বৈঠক গুৱাহাটীত অনুষ্ঠিত হ’ব পাৰে বুলি বিভিন্ন মহলত জল্পনা-কল্পনা চলিছে।

যদিও এতিয়ালৈকে ভাৰত বা জাপান চৰকাৰে এই ভ্ৰমণসূচী সম্পৰ্কে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই, তথাপিও সম্ভাৱ্য এই সফৰক লৈ কূটনৈতিক মহলত ব্যাপক আগ্ৰহৰ সৃষ্টি হৈছে। যদি এই ভ্ৰমণ নিশ্চিত হয়, তেন্তে জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত এয়াই হ’ব টাকাইচিৰ প্ৰথম ভাৰত ভ্ৰমণ।

উল্লেখযোগ্য যে, ২০১৯ চনত তদানীন্তন জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে আৰু নৰেন্দ্ৰ মোডীৰ মাজত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ বৈঠক নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী আন্দোলনৰ বাবে স্থগিত ৰখা হৈছিল। সেই দিশৰ পৰা চালে, এইবাৰ গুৱাহাটীত পুনৰ এনে এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ’লে সেয়া ঐতিহাসিক তাৎপৰ্য বহন কৰিব।

বিশেষজ্ঞসকলৰ মতে, সম্ভাৱ্য এই বৈঠকত বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, আন্তঃগাঁথনি উন্নয়ন, অৰ্থনৈতিক সুৰক্ষা আৰু ইণ্ডো-পেচিফিক অঞ্চলৰ সাম্প্ৰতিক ভূ-ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে বিস্তৃত আলোচনা হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান ভাৰত আৰু জাপান দুয়োখন দেশেই ইণ্ডো-পেচিফিক অঞ্চলত গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।

ভাৰতৰ ‘এক্ট ইষ্ট পলিচি’ৰ পৰিপ্ৰেক্ষিতত অসমক এই বৈঠকৰ সম্ভাৱ্য স্থান হিচাপে বাছনি কৰাৰ বিষয়টোকো তাৎপৰ্যপূৰ্ণ বুলি ধৰা হৈছে। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ অৰ্থনৈতিক আৰু কৌশলগত সম্পৰ্ক অধিক শক্তিশালী হোৱাৰ পথ মুকলি হ’ব পাৰে।

উল্লেখ্য যে, যোৱা এটা দশকত জাপান উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সহযোগী হিচাপে আত্মপ্ৰকাশ কৰিছে। অঞ্চলটোৰ পথ, সেতু, নগৰ উন্নয়ন, সংযোগ ব্যৱস্থা আৰু পানী যোগান প্ৰকল্পকে ধৰি বিভিন্ন আন্তঃগাঁথনি উন্নয়নমূলক কামত জাপানে উল্লেখযোগ্য সহায় আগবঢ়াই আহিছে। অসমতো জাপানৰ সহযোগিতাত কেইবাটাও বৃহৎ উন্নয়নমূলক প্ৰকল্প ৰূপায়ণ কৰা হৈছে।

পৰ্যবেক্ষকসকলৰ মতে, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ গুৱাহাটীত ভাৰত-জাপান শীৰ্ষ বৈঠক অনুষ্ঠিত হ’লে সেয়া অঞ্চলটোৰ বৃদ্ধি পোৱা আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক আৰু অৰ্থনৈতিক গুৰুত্বৰ এক শক্তিশালী বাৰ্তা হিচাপে পৰিগণিত হ’ব।

ইফালে, সম্ভাৱ্য এই বৈঠকৰ জৰিয়তে ভাৰত আৰু জাপানৰ উচ্চপদস্থ চৰকাৰী বিষয়া, উদ্যোগপতি আৰু বিনিয়োগকাৰীসকলৰ অসম আগমনৰ সম্ভাৱনাও বৃদ্ধি পাব। বিশেষকৈ উন্নত উৎপাদন ব্যৱস্থা, স্বচ্ছ শক্তি, কৃত্ৰিম বুদ্ধিমত্তা, আধুনিক প্ৰযুক্তি আৰু স্থিতিশীল যোগান শৃংখল গঢ়ি তোলাৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা অধিক গভীৰ কৰাৰ বিষয়টো এই বৈঠকৰ অন্যতম আলোচ্য বিষয় হ’ব পাৰে।

এতিয়া ৰাজ্যবাসী আৰু দেশৰ সচেতন মহল দুয়োখন দেশৰ চৰকাৰৰ আনুষ্ঠানিক ঘোষণালৈ অপেক্ষাৰত হৈ আছে। যদি এই ভ্ৰমণসূচী নিশ্চিত হয়, তেন্তে অসমৰ বাবে সেয়া এক উল্লেখযোগ্য কূটনৈতিক আৰু অৰ্থনৈতিক সুযোগ হিচাপে বিবেচিত হ’ব।

Related Articles