Breaking

অসমলৈ দুদিনীয়া ভ্ৰমণসূচীৰে RSS প্ৰধান মোহন ভাগৱত…

0 61

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী ডাঃ মোহন ভাগৱত দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিব।অহা ১০ ডিচেম্বৰত অসমলৈ আহি ১১ ডিচেম্বৰত গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ হাজংবৰীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক আৰু কাৰ্যকৰ্তাৰ এক সন্মিলনত অংশগ্রহণ কৰিব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ হাজংবৰী, চন্দ্ৰপুৰস্থিত বিদ্যাভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত  ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ তিনিদিনীয়া “প্ৰেৰণা শিবিৰ” শীৰ্ষক এক কাৰ্যকৰ্তা শিবিৰ অনুষ্ঠিত হ’ব।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আগন্তুক শতবৰ্ষ জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি সংঘকাৰ্য বিস্তাৰ আৰু কাৰ্যকৰ্তাৰ বিকাশৰ বাবে এই শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত শতাব্দী বৰ্ষৰ বাবে সংঘৰ কাৰ্যবৃদ্ধি আৰু বিভিন্ন গতিবিধিৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ লগতে শাৰীৰিক অনুশীলন  হ’ব।

প্ৰেৰণা শিবিৰৰ অন্তিম দিনা অৰ্থাৎ ১১ ডিচেম্বৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক মোহন ভাগৱতে উত্তৰ অসম প্ৰান্তৰ স্বয়ংসেৱকৰ লগত দুখনকৈ বৈঠকত মিলিত হৈ সমাৰোহ কাৰ্যক্ৰমত বৌদ্ধিক প্ৰদান  কৰিব বুলি প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে জানিবলৈ দিছে। সৰসংঘচালক ডাঃ মোহন ভাগৱত  এই প্ৰবাস কেৱল কাৰ্যকৰ্তাৰ বাবেহে অনুষ্ঠিত কৰা হৈছে বাবে সংঘৰ কাৰ্যকৰ্তাইহে এই শিবিৰত অংশগ্রহণ কৰিব পাৰিব ।

এই শিবিৰত সংঘৰ শাখাস্তৰৰ পৰা প্ৰায় ৩০০০ কাৰ্যকৰ্তাই শিক্ষাৰ্থী হিচাপে উপস্থিত থকিব। ১০ ডিচেম্বৰত শিবিৰ স্থানত উপস্থিত হৈ সৰসংঘচালকগৰাকীয়ে ১১ ডিচেম্বৰৰ আবেলিৰ ভাগত অৰুণাচল অভিমুখে ৰাওনা হ’ব।

Leave A Reply