অসমৰ মহিলা দলে দ্বিতীয় পূৱ মন্ডল নেচনেল ৰোলবল প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে পুৰুষ দলৰ ৰানাৰ্চ আপ

অসমৰ মহিলা দলে দ্বিতীয় পূৱ মন্ডল নেচনেল ৰোলবল প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে পুৰুষ দলে ৰানাৰ্চ আপতে সন্তুষ্ট থাকিব লগা হয়।


মেঘালয় ৰোলবল সংস্হাৰ উদ্যোগত শ্বিলং পলো গ্ৰাউন্ড ২৪ আৰু ২৫ এপ্ৰিলত দুদিনীয়া কৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত অসমৰ মহিলা দলে চত্তিচগড়ক ৭-১ গলত, পশ্চিম বংগক ৪-১ গলত, ঝাৰখন্ডক ৭-২ গলত, মেঘালয়াক ৫-০ গলত লীগ পৰ্যায়ত পৰাজিত কৰাৰ পিছত চেমি ফাইনেলত পুনৰ মেঘালয়াক ৬-৪ গলত পৰাস্ত কৰি ফাইনেলত ঝাৰখন্ডক ৩-০ পৰাস্ত কৰি খিতাপ জয় কৰে।


আনহাতে পুৰুষ শাখাত অসমে মেঘালয়া, পচ্শিম বংগক পৰি চেমি ফাইনেলত উড়িষ্যা (৬-৩)ক পৰাজিত কৰিলেও ফাইনেলত ৰনত কৰে ঝাৰখন্ডৰ ( ৩-৬ ) হাতত।

Related Articles