অসম বাজেট ২০২৬-২৭ত সাংস্কৃতিক জোৰ—লাচিত বৰফুকন আৰু কুশল কোঁৱৰৰ জীৱনত চলচ্চিত্ৰ নিৰ্মাণৰ ঘোষণা

অসম চৰকাৰৰ ২০২৬-২৭ বৰ্ষৰ ৰাজ্যিক বাজেটত এইবাৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। শুকুৰবাৰে বিধানসভাত বাজেট দাখিল কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘোষণা কৰে যে অসমৰ বীৰ ইতিহাস আৰু স্বাধীনতা সংগ্ৰামৰ অমূল্য অধ্যায়সমূহক দেশজুৰি প্ৰচাৰ কৰাৰ লক্ষ্যৰে দুজন বিশিষ্ট ঐতিহাসিক ব্যক্তিত্ব—লাচিত বৰফুকন আৰু শ্বহীদ কুশল কোঁৱৰৰ জীৱনৰ ওপৰত বাণিজ্যিক চলচ্চিত্ৰ নিৰ্মাণৰ বাবে চৰকাৰে আৰ্থিক সহায় আগবঢ়াব।

মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, আহোম সাম্ৰাজ্যৰ বিখ্যাত সেনাপতি লাচিত বৰফুকনৰ জীৱনৰ ওপৰত এখন বিশ্বমানৰ চলচ্চিত্ৰ নিৰ্মাণ কৰা হ’ব। শৰাইঘাটৰ যুদ্ধত তেওঁৰ অসাধাৰণ নেতৃত্ব আৰু বীৰত্ব অসমৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায় হিচাপে পৰিগণিত। এই চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁৰ জীৱন, আদৰ্শ আৰু দেশপ্ৰেমৰ কাহিনী আধুনিক প্ৰজন্মৰ আগত উন্মোচিত কৰাৰ চেষ্টা কৰা হ’ব বুলি উল্লেখ কৰে।

একেদৰে, ভাৰতৰ স্বাধীনতা সংগ্ৰামত আত্মোৎসৰ্গ কৰা শ্বহীদ কুশল কোঁৱৰৰ জীৱনকো দেশজুৰি জনাজনি কৰাৰ উদ্দেশ্যে এখন বাণিজ্যিক চলচ্চিত্ৰ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। তেওঁৰ ত্যাগ, আদৰ্শ আৰু দেশপ্ৰেমৰ বাণীক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাই এই উদ্যোগৰ মূল লক্ষ্য বুলি চৰকাৰে স্পষ্ট কৰি দিয়ে।বাজেটত আন এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক ঘোষণাৰূপে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হয়।

চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটো ৰাষ্ট্ৰীয় পৰ্যায়ত ড০ হাজৰিকাৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে।মন্ত্ৰীগৰাকীয়ে কয় যে সংগীত, সাহিত্য, চলচ্চিত্ৰ আৰু ৰাজহুৱা জীৱনৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই সামৰণি অনুষ্ঠানটোৱে ড০ হাজৰিকাৰ কালজয়ী সৃষ্টি আৰু মানৱতাৰ বাণীক দেশজুৰি অধিক বিস্তৃত কৰিব। তেওঁৰ সাংস্কৃতিক ঐক্য, সম্প্ৰীতি আৰু মানবতাৰ বাণী অসমৰ সীমা অতিক্ৰম কৰি সমগ্ৰ ভাৰতত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত এই অনুষ্ঠান গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হয়।সামগ্ৰিকভাৱে, এই বাজেটত লোৱা সাংস্কৃতিক পদক্ষেপসমূহে অসমৰ ঐতিহ্য, ইতিহাস আৰু মহান ব্যক্তিত্বসমূহক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক স্বীকৃতি দিয়াত সহায় কৰিব বুলি মত প্ৰকাশ কৰিছে বিভিন্ন মহলে।

Related Articles