অসম বিধানসভাত শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়াবৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদানৰ দাবী উত্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ

অসম বিধানসভাত শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়াবৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদানৰ দাবী উত্থাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।

ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা সোণাৰি সমষ্টিৰ বিধায়ক শ্ৰী ধৰ্মেশ্বৰ কোঁৱৰে সদনৰ মজিয়াত বিধি ৩০১ৰ অধীনত অসমৰ বীৰ সন্তান শ্বহীদ পিয়লি ফুকন আৰু শ্বহীদ জীউৰাম দুলীয়াবৰুৱাৰ ঐতিহাসিক অৱদানৰ বিষয় উত্থাপন কৰে।

বক্তব্যত তেওঁ কয় যে, স্বাধীনতা সংগ্ৰামৰ প্ৰাৰম্ভিক পৰ্যায়তে এই দুই মহান বীৰে মাতৃভূমিৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰি দেশৰ ইতিহাসত এক অবিস্মৰণীয় অধ্যায় ৰচনা কৰিছিল। কিন্তু তেওঁলোকৰ ত্যাগ আৰু অৱদানে এতিয়াও ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰাপ্য স্বীকৃতি লাভ কৰা নাই।

সেই পৰিপ্ৰেক্ষিতত বিধায়কগৰাকীয়ে শ্বহীদ পিয়লি ফুকন আৰু শ্বহীদ জীউৰাম দুলীয়াবৰুৱাক ভাৰতৰ প্ৰথম শ্বহীদ হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ লগতে, তেওঁলোকৰ জীৱন, আদৰ্শ আৰু স্বাধীনতা সংগ্ৰামত আগবঢ়োৱা অৱদান ৰাষ্ট্ৰীয় শিক্ষাক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে।

তেওঁ লগতে কয় যে, অসমৰ গৌৰৱময় ইতিহাস আৰু স্বাধীনতা সংগ্ৰামৰ বীৰসকলৰ ত্যাগ-তিতিক্ষাক জাতীয় পৰ্যায়ত যথোচিত মৰ্যাদা প্ৰদান কৰাটো সময়ৰ দাবী। এনে পদক্ষেপে নতুন প্ৰজন্মক দেশপ্ৰেম, আত্মত্যাগ আৰু জাতীয় চেতনাৰে উদ্বুদ্ধ কৰাৰ লগতে অসমৰ ইতিহাসক সমগ্ৰ দেশৰ আগত অধিক সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিব।

বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আশা প্ৰকাশ কৰে যে, চৰকাৰে বিষয়টোক গুৰুত্বসহকাৰে বিবেচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

Related Articles