‘অসম সচেতন মঞ্চ’ৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সফলতাৰে সম্পন্নঃ ৩ জানুৱাৰীত প্ৰতিভা সন্ধান পৰীক্ষাৰ দিন ঘোষণা

বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত চণ্ডীবৰুৱা ৰাজ হাউলীৰ ‘হাউলী সাহিত্য সভা ভৱন’ত ১১ নৱেন্বৰত জন্ম লাভ কৰা ‘অসম সচেতন মঞ্চ’ৰ প্ৰথমখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ইথোচ ছিনিয়ৰ ছেকণ্ডাৰী বিদ্যালয়ত কালি সফলতাৰে অনুষ্ঠিত হৈ যায় । বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনত বৰপেটা, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ আদি জিলাৰ পৰা অহা নতুন আৰু পূৰণা প্ৰতিনিধিক আদৰণী জনায় কাৰ্যকৰী সভাপতি ছাদুল্লা খানে। সভাপতি হজৰত আলী আহমেদে পৌৰহিত্য কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰশাসনিক সাধাৰণ সম্পাদক ড° আব্দুল কদ্দুছ শিকদাৰে। সভাত কিছু সংশোধনৰ মাজেৰে সন্মতিক্ৰমে মঞ্চৰ সংবিধান অনুমোদন জনোৱাৰ লগত পূৰ্ণাংগ কমিটি গঠনৰ বাবে কেইবাজনকো বিভিন্ন পদত সংযোগ কৰে। কমিটিৰ কাৰ্যকাল তিনিবছৰৰ বাবে নিৰ্ধাৰণ কৰাৰ লগতে বিভিন্ন জৰুৰী বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰে । অহা ১ ডিচেম্বৰত প্ৰতিভা সন্ধানী পৰীক্ষাৰ প্ৰ-পত্ৰ বিতৰণ শুভ উদ্বোধন¸ ১৫ ডিচেম্বৰৈ প্ৰ-পত্ৰ সংগ্ৰহ আৰু নৱবৰ্ষ ২০২৭ চনৰ ৩ জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ঘোষনা কৰে। পৰীক্ষা পৰিচালনাৰ বাবে নিয়ন্ত্ৰক কমিটিৰ সভাপতি হিচাপে হজৰত আলী আহমেদ, সহকাৰী হিচাপে ডায়েট বৰপেটাৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰঞ্জিত কুমাৰ কলিতা¸ ডিআই লীলাধৰ দাস¸ ছাদুল্লা খান, ছমীৰ খান¸ মজিবুৰ ৰহমান¸ প্ৰধান সম্পাদক ডাঃ আব্দুল কদ্দুছ শিকদাৰকে সামৰি কেইবাগৰাকী ব্যক্তিক মনোনীত কৰে।

নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দুটা শাখাত সকলো ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী আৰু অসমীয়া মাধ্যমত পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰিব বুলি ঘোষনা কৰে । পৰীক্ষাৰ মাচুল ৫০ টকা নিৰ্ধাৰণ কৰা হৈছে যদিও দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ই বিনামূলীয়া হ’ব। দুয়োটা শাখাতেই জিলা পৰ্যায়ত প্ৰথম স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে ১৫,০০০ টকা, দ্বিতীয় স্থান ১২,০০০ হাজাৰ আৰু তৃতীয় স্থান লাভ কৰাজনে ১০,০০০ টকাৰ পুৰস্কাৰ লাভ কৰিব আৰু প্ৰতিটো গ্ৰোপত ৩০ জনকৈ শিক্ষাৰ্থীয়ে নিচুকণী পুৰস্কাৰ লাভ কৰিব বুলি ঘোষনা কৰে উদ্যোক্তাসকলে ।

সভাত জনকল্যাণমূলক কাৰ্যসূচী হিচাপে শিক্ষক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ সকলোৱে সন্মতি প্ৰকাশ কৰে। সভাত ‘অসম সচেতন মঞ্চ’ আগবাঢ়ি যাবলৈ সকলো দিশতেই সচেতন নাগৰিকৰ সহায় সহযোগ কামনা কৰি প্ৰতিগৰাকী কাৰ্যনিৰ্বাহকৰ সক্ৰিয়তা কামনা কৰি সভাপতিৰ ভাষনেৰে সভাৰ সামৰণি পৰে ।

Related Articles