অসম সাহিত্য সভাৰ‌ কাব্য-শিৱিৰ আৰু কাব্যকাকলি অনুষ্ঠান সম্পন্ন

পৃথিৱীত কোনো বিশেষজ্ঞই কবিতাৰ সংজ্ঞা দিব পৰা নাই। কবিতাৰ সংজ্ঞা দিবলৈ একাঙুলে নাটে। আজি অসম সাহিত্য সভাৰ উদ্যোগত কবি সন্মিলন উপসমিতিৰ ব্যৱস্থাপনাত যোৰহাট কেন্দ্ৰীয় কাৰ্য্যালয়ৰ সহযোগ আৰু তৰাজান সন্মিলিত শাখা সাহিত্য সভা (স্বর্ণ)ৰ আতিথ্যত অনুষ্ঠিত কাব্যকাকলি আৰু কাব্য-শিৱিৰত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়।

অনুষ্ঠানৰ উদ্দেশ্যৰ কথকতাত সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাই এই কাব্যকাকলিৰ মৰ্য্যদা আৰু কাব্য-শিৱিৰৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি কয়— ‘কাব্যকাকলি’– কেৱল কবিতা পাঠৰ অনুষ্ঠান নহয়; ই নতুন চিন্তা, ভাষাৰ নান্দনিকতা আৰু কাব্যিক সৃষ্টিশীলতাৰ এক মুক্ত মঞ্চ। এই ‘কাব্যকাকলি’ৰ জৰিয়তে কবিতাক সাধনা হিচাপে জ্ঞান কৰা, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰবীণ-নবীন কবিসকলক একত্ৰিত কৰি এখন মৰ্যাদাসম্পন্ন মঞ্চ নিৰ্মাণ কৰাৰ প্ৰয়াস অব্যাহত ৰখা হৈছে।

দিনৰ ২ বজাৰ পৰা কবি ডা০ প্ৰণয় ফুকনৰ সঞ্চালনাত অনুষ্ঠিত ‘কাব্য-কাকলি’ৰ আঁত ধৰে অসম সাহিত্য সভা কবি সন্মিলন উপসমিতিৰ আহ্বায়ক নৱ ৰাজনে। কবি, পৰ্যালোচক ৰাজীৱ বৰাই পঠিত কবিতা সমূহৰ নিৰ্মোহ বিশ্লেষণ আগবঢ়োৱা অনুষ্ঠানত বিজয় ৰবিদাস, পুণ্য দেৱী, পুঞ্জন বৰুৱা, গংগামোহন মিলি, বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই, ৰঞ্জিত গগৈ, উৎপল দলে, মুহি শইকীয়া, দণ্ডীৰাম বৰা, অংকুৰ বৰগোহাঞি, সুশান্ত বৰা, জয়ন্ত দত্ত, বাবলু প্ৰসাদ বৰুৱা, প্ৰাঞ্জল কুমাৰ খাউণ্ড, ডাঃ দীপা ঠাকুৰীয়া, জোনমণি চাহু, মনালিছা শইকীয়া, স্বপ্নালী কলিতা, যতীন মিলি, বন্দনা কৌশিক বৰদলৈ, সমীৰ শংকৰ দত্ত, লক্ষী প্ৰসাদ ৰেগন, অভিজিত গগৈ, অশান্ত ৰাতুল দত্তই স্বৰচিত কবিতা পাঠ কৰে। পঠিত কবিতাসমূহৰ নিৰ্মোহ বিশ্লেষণৰ লগতে ২৫ টা কবিতা সন্নিৱিষ্ট নৱ ৰাজনৰ দ্বাৰা সম্পাদিত আৰু যোৰহাটৰ সাঁচিপাত প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ‘কাব্য-কাকলি’ শীৰ্ষক কাব্য-সংকলনখন উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে।

অসম সাহিত্য সভাৰ প্ৰচাৰ উপসমিতিৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ কুমাৰ নাথ, মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক দুলাল নাথ, মংগল চণ্ডী ব্ৰহ্ম গৱেষণা কেন্দ্ৰৰ আহ্বায়ক অখিল কলিতা, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, যোৰহাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি উত্তম কুমাৰ হাজৰিকা, জিলা সভাপতি মহেন্দ্ৰ নাথ হাজৰিকা, সম্পাদক মিতালী শইকীয়াই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰা উক্ত ‘কাব্যকাকলি-৬’ত যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নলিনীবালা হাজৰিকা, লেখিকা ড° বন্দিতা গোস্বামী শইকীয়া, লেখিকা যোগমায়া গগৈ, আবৃত্তিৰত্ন শান্তিচায়া শইকীয়াৰ লগতে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি আৰু লেখিকা জয়শ্ৰী শইকীয়াক সম্বৰ্ধনা জনোৱা হয়।


ইফালে দিনটোৰ প্ৰথম কাৰ্যসূচী অনুসৰি প্ৰথম সত্ৰত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত পুৱা ৯-৩০ বজাত বন্তি প্রজ্জ্বলন কৰে সদৌ অসম কবি সন্মিলনৰ প্রতিষ্ঠাপক সম্পাদক আনন্দ দত্তই। স্মৃতি তর্পণ কৰে তৰাজান সন্মিলিত শাখা সাহিত্য সভাৰ উপদেষ্টা ড° পৰাণ বৰুৱা আৰু শাখা সভাপতি জোনা দত্তই । ইয়াৰ পিছতে তৰাজান সন্মিলিত শাখা সাহিত্য সভাৰ সদস্যাসকলে চিৰ চেনেহী মোৰ ভাষা জননী গীত পৰিৱেশনৰে শুভাৰম্ভ কৰা ‘কাব্য-শিৱিৰ’ৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি কবি, সমালোচক ৰাজীৱ বৰাই অসমৰ ভিন্ন প্ৰান্তৰ শতাধিক কাব্যনুৰাগীয়ে কবিতাৰ বিভিন্ন দিশ সামৰি লোৱা এখন সময়োপযোগী আলোচনা সভা সমাপন কৰে।

ভাষণ প্ৰসংগত তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় কয় যে– ‘আত্মবিশ্লেষণ আৰু আত্মসমালোচনাই আমাৰ জীৱন অৰ্থবহ কৰে; সেয়ে, আমি কবিতা লিখা মানুহৰ পৰা কবিলৈ উত্তৰণ হ’ব লাগিব’। কেন্দ্ৰীয় কাৰ্য্যালয়ৰ সম্পাদক ড° জ্যোতিৰেখা হাজৰিকাই কাব্যানুৰাগীক আদৰণি জনোৱা অনুষ্ঠানটোত তৰাজান শাখা সাহিত্য সভাৰ সম্পাদক মনোজ্ঞপ্ৰাণ বৰদলৈয়ে শলাগ শৰাই জ্ঞাপন কৰে।।

Related Articles