অসম ৰাইজিং কাপত গ্ৰীণলেণ্ড আৰু এম.চি.চি. মাছখোৱাৰ জয়

ৰিভাৰ ৰাইন ক্ৰিকেট কোচিং চেণ্টাৰ আৰু আলোক প্ৰভাঞ্জন ৱেলফেয়াৰ ছ’চাইটিৰ উদ্যোগত লতাশিল খেলপথাৰত অনুষ্ঠিত সদৌ অসম আমন্ত্ৰণমূলক কনিষ্ঠ প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা অসম ৰাইজিং কাপৰ প্ৰথম দিনা দুখন খেল অনুষ্ঠিত হয়।

প্ৰথম খেল: গ্ৰীণলেণ্ড ক্ৰিকেট একাডেমী বনাম ব্ৰহ্মপুত্ৰ ক্ৰিকেট ক্লাব
প্ৰথমে বেট ধৰি ব্ৰহ্মপুত্ৰই এঘাৰ দশমিক দুই অভাৰত চৌত্ৰিশ ৰানত সকলো উইকেট হেৰুৱায়। প্ৰত্যুত্তৰত গ্ৰীণলেণ্ডে নটা উইকেট হাতত ৰাখি জয় লাভ কৰে।

শ্ৰেষ্ঠ খেলুৱৈ: হৰজিৎ বেজবৰুৱা
চাৰি অভাৰত আঠ ৰান দি পাঁচটা উইকেট লৈ দলক জয় দিয়ায়।

দ্বিতীয় খেল: এম.চি.চি. মাছখোৱা বনাম বেলতলা ক্ৰিকেট ক্লাব
প্ৰথমে বেট ধৰি এম.চি.চি. মাছখোৱাই বিশ অভাৰত তিনিটা উইকেট হেৰুৱাই এশ পঁচিশ ৰান কৰে। কৃষ্ণনীল গাৰ্গে বায়ান্ন ৰান কৰে। প্ৰত্যুত্তৰত বেলতলাই বিশ অভাৰত আঠটা উইকেট হেৰুৱাই এশ তেৰ ৰানহে কৰিবলৈ সক্ষম হয়। এম.চি.চি. মাছখোৱাই বাৰ ৰানত জয় লাভ কৰে।

শ্ৰেষ্ঠ খেলুৱৈ: কৃতাৰ্থ দাস
চাৰি অভাৰত দহ ৰান দি দুটা গুৰুত্বপূৰ্ণ উইকেট লৈ দলক জয় দিয়ায়।

কাইলৈৰ খেল:
প্ৰথম খেল – ছাউথ পইণ্ট স্কুল বনাম এছ.বি.অ’.এ.
দ্বিতীয় খেল – অংকুৰজ্যোতি ক্ৰিকেট একাডেমী বনাম উই আৰ নৰ্থ ইষ্ট

খেল দুখনত আম্পায়াৰ হিচাপে আছিল বুবুল দাস আৰু নাৰায়ণ শৰ্মা। স্ক’ৰাৰ আছিল নীলকমল কাশ্যপ।

Related Articles