অৰুণাচলৰ বলুঙত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যসূচী সেতুবন্ধ, অসম-অৰুণাচলৰ সম্পৰ্ক সদায় মধুৰ হৈ থাকিব লাগিবঃ ড০ বসন্ত কুমাৰ গোস্বামী

অসম-অৰুণাচলৰ সম্পৰ্ক সদায় মধুৰ হৈ থাকিব লাগিব। কোনো সংঘাতে যাতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত কোনো বিভেদৰ বীজ সিঁচিব নোৱাৰে তাৰ কাৰণে আমি সদায় সচেতন হৈ থাকিব লাগিব। ভাতৃত্ববোধৰ এনাজৰীডাল অধিক সুদৃঢ় কৰিবলৈ অসম সাহিত্য সভাৰ সেতুবন্ধ কাৰ্যসূচীৰ অন্যান্য সংগঠনসমূহেও ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সমন্বয় আৰু সদ্ভাৱ দুয়োটা পক্ষৰ মাজত বুজাবুজিৰ ফলতহে সম্ভৱ, সেয়ে সমন্বয় আৰু সদ্ভাৱ গঢ়ি তুলিবলৈ আমি প্ৰথমেই ঐক্যবদ্ধ হৈ ল’ব লাগিব। তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত, শদিয়া শতদল শাখা সাহিত্য সভাৰ সহযোগত আৰু ড০ ভূপেন হাজৰিকা আৰু গৌৰা পাৰ্টিন ফ্ৰেণ্ডচিপ ফ’ৰামৰ আতিথ্যত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সেতুবন্ধ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। ভাষণ প্ৰসংগত ড০ গোস্বামীয়ে কয় অৰুণাচলৰ ৰয়িঙৰ বলুঙত ড০ ভূপেন হাজৰিকাই সমন্বয়ৰ গীত গাইছিল আৰু আজি তাৰেই ৰোমন্থন কৰা হৈছে। সুধাকণ্ঠ হাজৰিকাই কৰা কামসমূহৰ এয়া অন্যতম হিচাপে গণ্য হ’ব পাৰে।

দিনৰ ২ বজাৰপৰা বলুঙ গাঁওস্থিত ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি স্থলীত অনুষ্ঠিত সেতুবন্ধ অনুষ্ঠানটোৰ সভাপতিত্ব কৰে ড০ ভূপেন হাজৰিকা আৰু গৌৰা পাৰ্টিন ফ্ৰেণ্ডচিপ ফ’ৰামৰ সভাপতি টণি পাৰ্টিন ডাঙৰীয়াই। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, প্ৰধানসম্পাদক দেৱজিৎ বৰা, কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকা, সাংগঠনিক সম্পাদক সুনীল কুমাৰ গুৰুঙ, কুঁহি উপসমিতিৰ কাৰ্যকৰী সভাপতি মৃণাল কুমাৰ হাজৰিকা, যোৰহাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি উত্তম কুমাৰ হাজৰিকা, প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, পৰিবেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, তথ্য প্ৰযুক্তি উপসমিতিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়া, যুৱ সংসদ উপসমিতিৰ আহ্বায়ক গৌতম গগৈ, সহযোগী আহ্বায়ক মিণ্টু দাস, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যবৃন্দ ক্ৰমে ড০ ছবি গগৈ, অৰুণ বৰুৱা, অনংগ কুমাৰ নাথকে প্ৰমুখ্য কৰি অৰ্ধশতাধিক কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত থকা সমন্বয় সভাখনত ড০ ভূপেন হাজৰিকা আৰু গৌৰা পাৰ্টিন ফ্ৰেণ্ডচিপ ফ’ৰামৰ হৈ অসম সাহিত্য সভাৰ বিষয় ববীয়াসকলক সম্বৰ্ধনা জনায় ফ’ৰামৰ সাধাৰণ সম্পাদক অখিল বৰুৱাই। অসম সাহিত্য সভাৰ হৈ টণি পাৰ্টিনৰ লগতে ফ’ৰামৰ বিষয় ববীয়াসকলক সম্বৰ্ধনা জনায় তিনিচুকীয়া জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ কুমাৰ চাংমাইয়ে ।

সভাত দুয়োখন ৰাজ্যৰ ৰাইজৰ মাজত অন্তৰংগ আলোচনা অনুষ্ঠিত হয়। দুখন ৰাজ্যৰ দুজন ব্যক্তিৰ ব্যক্তিগত কাজিয়া এখন যাতে কেতিয়াও দুখন ৰাজ্যৰ কাজিয়া বুলি প্ৰচাৰ নহয় এই বিষয়ে গুৰুত্ব প্ৰদান কৰিবলৈ টণি পাৰ্টিনে দুয়োখন ৰাজ্যৰ ৰাইজক আহ্বান জনায়। ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি স্থলীৰ কাষতে ড০ ভূপেন হাজৰিকাৰ এটা সংগ্ৰহালয় নিৰ্মাণ কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিৰ কাষতে গৌৰা পাৰ্টিনৰ এটা প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত উপসভাপতিৰ বক্তব্যত পদুম ৰাজখোৱাই ভূপেন হাজৰিকা আৰু গৌৰা পাৰ্টিনৰ বন্ধুত্বৰ সোঁৱৰণ কৰে। ইয়াৰ পিছতে প্ৰধানসম্পাদকৰ বক্তব্যত দেৱজিৎ বৰাই কয়- অসম আৰু অৰুণাচলৰ মাজত সমন্বয় গঢ়ি তোলাৰ বাবে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ভূপেন হাজৰিকা আৰু অৰুণাচলৰ সমাজপ্ৰেমী গৌৰা পাৰ্টিনৰ বন্ধুত্বৰ গুৰুত্ব অপৰিসীম বুলি উল্লেখ কৰি অৰুণাচলীসকলৰ অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি থকা মৰম ভালপোৱাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ লগতে কয় যে অৰুণাচল প্ৰদেশৰ ল’ৱাৰ দিবাং ভেলীৰ আদি জনগোষ্ঠীয় সমাজত অসমীয়া গীত আৰু ভাষাৰ সমন্বিত ৰূপটো দেখিবলৈ পাওঁ যিটো প্ৰতিজন অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। আদি সমাজৰ অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি থকা প্ৰেম কাৰোৰে লগত তুলনা কৰিব নোৱাৰি। সভাত হেমন্ত দেউৰী, মাছুমা বেগম আৰু গীতিমণি বৰগোহাঁইৰ গীত পৰিৱেশনে সেতুবন্ধ কাৰ্যসূচীক অনন্য মাত্ৰা প্ৰদান কৰে।।

Related Articles