অৰুণাচলত নিপকোৰ প্ৰকল্পত ভয়াৱহ পৰিস্থিতিঃ ১৫টাতকৈয়ো অধিক ঘৰ ধ্বংস, অসমলৈয়ো অশনি সংকেত

ভয়াৱহ বানে এতিয়া সংহাৰৰ সৃষ্টি কৰিছে অৰুণাচলত। ৰাজ্য খনত থকা নিপকোৰ প্ৰকল্পত বানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। অৰুণাচল প্ৰদেশৰ কেয়ি পানয়ৰ জিলাৰ য়াজালি চক্ৰৰ অন্তৰ্গত নিপকো প্ৰকল্পৰ সমীপৰ পুছা অঞ্চলত নেৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে।বুধবাৰে, অৰ্থাৎ ২৪ জুনত বিষয়াসকলে জানিবলৈ দিয়া মতে এই বানপানীৰ ফলত ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

২৩ আৰু ২৪ জুনৰ নিশা হোৱা প্ৰবল বৰষুণৰ পিছতে এই পৰিস্থিতিৰ সৃষ্টি হয় আৰু নিপকো প্ৰকল্পৰ আশে-পাশে থকা অঞ্চলসমূহ পানীৰ তলত বুৰ যায়।কেয়ি পানয়ৰ জিলাৰ উপায়ুক্তৰ পৰা পোৱা তথ্যৰ ভিত্তিত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে, এখন নিৰ্মীয়মান দেৱাল খহি পৰাৰ ফলত নিপকো প্ৰকল্পৰ তলৰ অংশত থকা আৱাসিক গৃহবোৰত হঠাতে পানী সোমাই পৰে। এই ঘটনাত বৰ্তমানলৈকে ১৫টা আৱাসিক গৃহৰ ক্ষতি হোৱাৰ লগতে এগৰাকী মহিলা নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও মানুহৰ প্ৰাণহানিৰো সন্দেহ কৰা হৈছে যদিও কৰ্তৃপক্ষই এতিয়ালৈকে ইয়াক আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।বানপানীৰ পিছতে ততাতৈয়াকৈ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰা হৈছে।

ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীক লগে লগে ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীকো জৰুৰীকালীন অৱস্থাৰ বাবে সতৰ্ক কৰি জিলাখনলৈ পঠিওৱা হৈছে।য়াজালি অঞ্চলৰ সকলো উপলব্ধ বাহন আৰু স্থানীয় প্ৰাক্তন সেনা জোৱানসকলকো উদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ নিয়োগ কৰা হৈছে। জৰুৰীকালীন সতৰ্কতা হিচাপে নিপকোৱে তেওঁলোকৰ পাৱাৰহাউচ সাময়িকভাৱে বন্ধ কৰি দিছে আৰু বান্ধৰ পৰা লাহে লাহে নিয়ন্ত্ৰিতভাৱে পানী এৰি দিয়াৰ ব্যৱস্থা কৰিছে।এই প্ৰবল বৰষুণৰ ফলত ভূমিস্খলনৰো সৃষ্টি হৈছে আৰু ঘাইপথৰ তিনিখন ঠাইত পথ সম্পূৰ্ণৰূপে অৱৰোধ হৈ পৰিছে। পোটিন আৰু হোজৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত বহু যাত্ৰী আৱদ্ধ হৈ পৰিছে।

কেয়ি পানয়ৰ জিলাৰ উপায়ুক্ত শ্বেতা নাগৰকোটি মেহতাই জানিবলৈ দিয়ে যে পথ মেৰামতিৰ কাম বৰ্তমান পূৰ্ণগতিত চলি আছে। পৰিস্থিতি স্বাভাৱিক নোহোৱা লৈকে আৰু পথটো যাতায়তৰ বাবে সুৰক্ষিত বুলি ঘোষণা নকৰা পৰ্যন্ত নামনি সোৱণশিৰি জিলাৰ জিৰোলৈ যোৱা পথটো ব্যৱহাৰ নকৰিবলৈ তেওঁ পৰামৰ্শ দিছে। ইপিনে অৰুণালৰ বানে অশনি সংকেত কঢ়িয়াই আনিছে অসমলৈয়ো। অসমৰ কেইবাখনো জিলাৰ বাসিন্দা এতিয়া ভয়াৱহ বানৰ আশংকাত কম্পিত হৈ আছে।

Related Articles