অৰুণাচল সীমান্তত চীনৰ অনুপ্ৰৱেশ অব্যাহতঃ স্থায়ী ঘাটি স্থাপন, স্থানীয় জনজাতীয় লোকৰ প্ৰৱেশত বাধা

অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলত চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে ভাৰতীয় ভূখণ্ডত গভীৰভাৱে অনুপ্ৰৱেশ কৰি স্থায়ী ঘাটি নিৰ্মাণ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অঞ্চলটোত বসবাস কৰা নাহ জনজাতিৰ লোকসকলৰ প্ৰতিনিধিত্বমূলক সংগঠন ‘নাহ ৱেলফেয়াৰ ছ’চাইটী’য়ে এই অভিযোগ ৰাজহুৱা কৰাৰ পিছতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ নিৰাপত্তা পৰিস্থিতি লৈ নতুনকৈ উদ্বেগ সৃষ্টি হৈছে৷

সংগঠনটোৰ সভাপতি কেৰু চাদে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, চীনা সেনাই ভাৰতীয় ভূখণ্ডৰ কেইবাখন স্থানত প্ৰৱেশ কৰি স্থায়ী আন্তঃগাঁথনি গঢ়ি তুলিছে আৰু যোৱা প্ৰায় ছয় বছৰৰ পৰা স্থানীয় লোকসকলক সেই অঞ্চলসমূহলৈ যাবলৈ বাধা আৰোপ কৰি আহিছে৷ ইয়াৰ ফলত স্থানীয় লোকসকলৰ কৃষি কাৰ্য, পশুচাৰণ আৰু জীৱিকা সম্পূৰ্ণৰূপে ব্যাহত হৈছে৷ তেওঁ কয় যে, এই ভূমিসমূহ নাহ জনজাতিৰ পূৰ্বপুৰুষৰ সম্পত্তি,য’ত তেওঁলোকে যুগ যুগ ধৰি চিকাৰ, খেতি-বাতি আৰু পশুপালন কৰি আহিছিল৷ কিন্তু বৰ্তমান চীনা ফৌজে সেই অঞ্চলসমূহত নিয়ন্ত্ৰণ স্থাপন কৰাৰ ফলত গাঁওবাসীসকল নিজৰ ঐতিহ্যগত জীৱিকা চলাব নোৱৰা অৱস্থাত পৰিছে৷

লগতে বহু ক্ষেত্ৰত স্থানীয় লোকসকলক নিজৰ পৰম্পৰাগত ভূমিত প্ৰৱেশ কৰাৰ ক্ষেত্ৰতো বাধা দিয়া হৈছে বুলি অভিযোগ কৰা হৈছে৷ অভিযোগ অনুসৰি, আছাফিলা অঞ্চলৰ অন্তৰ্গত ৱায়িং,পানিয়াৰ [চুজাৰ্তা অঞ্চল], মাৰপান [মাৰনাফে], পোটৰাং [হ্ৰদ] আৰু টিনডিংটাং [টিজি] আদি কমেও পাঁচটা অঞ্চলত চীনা সেনাই নিজৰ উপস্থিতি স্থায়ীভাৱে প্ৰতিষ্ঠা কৰিছে৷ সংগঠনটোৰ মতে, প্ৰায় বাৰ বছৰ পূৰ্বে এই অঞ্চলসমূহত মাজে মাজে চীনা সেনাৰ অনুপ্ৰৱেশ ঘটিছিল যদিও ২০২০ চনৰ পিছৰে পৰা এই অনুপ্ৰৱেশ স্থায়ী ৰূপ লয়৷ ইয়াৰ পূৰ্বে ২০২৪ চনতো অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ কাপাপু অঞ্চলত অনুৰূপভাৱে চীনা সেনাই ভাৰতীয় ভূখণ্ডত শিবিৰ স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ আনহাতে, লাডাখতো কেইবছৰমান পূৰ্বে একেদৰে স্থানীয় পশুপালকসকলক চীনা ফৌজে বাধা দিয়াৰ ঘটনা পোহৰলৈ আহিছিল৷

যদিও সেই সময়ত কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰিছিল যে লাডাখত চীনে ভাৰতীয় ভূখণ্ডৰ কোনো অংশ দখল কৰা নাই৷ ঐতিহাসিকভাৱে চীন আৰু ভাৰতৰ মাজত সীমান্ত সমস্যাৰ মূল শিপা বহু পুৰণি৷ পঞ্চাশৰ দশকত মাও জে দঙৰ নেতৃত্বত চীনে তিব্বত দখল কৰাৰ পিছতেই এই অঞ্চলত ৰাজনৈতিক আৰু সামৰিক উত্তেজনা বৃদ্ধি পায়৷ তাৰ পিছৰে পৰা চীনে সমগ্ৰ অৰুণাচল প্ৰদেশক নিজৰ ভূখণ্ড বুলি দাবী কৰি আহিছে, যাৰ ফলত সময়ে সময়ে সীমান্তত উত্তেজনাৰ সৃষ্টি হৈ আহিছে৷ বৰ্তমান এই নতুন অভিযোগসমূহ পোহৰলৈ অহাৰ পিছত কেন্দ্ৰীয় চৰকাৰ আৰু নিৰাপত্তা সংস্থাসমূহে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰাৰ প্ৰয়োজনীয়তা অধিক বাঢ়িছে বুলি সচেতন মহলে মন্তব্য কৰিছে৷

Related Articles