Breaking

আইএমচিএমএছ গুৱাহাটী কেন্দ্ৰলৈ শ্ৰেষ্ঠ সাংবাদিকতাৰ শিক্ষানুষ্ঠানৰ বঁটা

0 32

আইএমচিএমএছ গুৱাহাটী কেন্দ্ৰলৈ শ্ৰেষ্ঠ সাংবাদিকতাৰ শিক্ষানুষ্ঠানৰ বঁটা। আজি গুৱাহাটীৰ লতাশিলষ্ঠিত বিষ্ণু-নিৰ্মলা ভৱনত নিৰ্মল আৰু প্ৰাগজ্যোতিষ শৈক্ষিক ন্যাসৰ  উদ্যোগত আয়োজন কৰা প্ৰাগজ্যোতিষ বঁটা ২০২১ তৰফৰ পৰা ৰাজ্যখনৰ শৈক্ষিক সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তি সকলৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানক বঁটা প্ৰদান কৰা হয়।

ইনষ্টিটিউট অফ মাছ কমিউনিকেচন এণ্ড মিডিয়া ষ্টাডী, গুৱাহাটী কেন্দ্ৰলৈ শ্ৰেষ্ঠ সাংবাদিকতাৰ শিক্ষানুষ্ঠানৰ বঁটা প্ৰদান কৰা হৈছে।

২০২০ চনত স্থাপন হোৱা শৈক্ষিক প্ৰতিষ্ঠানখনে যোগাযোগ আৰু সাংবাদিকতাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব ভূমিকা পালন কৰি আহিছে।

শিক্ষানুষ্ঠানখনৰ পৰিচালন সঞ্চালক মুন তালুকদাৰে জনাই যে এই বঁটাই শৈক্ষিক ক্ষেত্ৰখন আগন্তুক দিনত আগবঢ়াই যোৱাত প্ৰেৰণা দিব। উল্লেখ্য, প্ৰায় শতাধিক শিক্ষাৰ্থীৰে আইএমচিএমএছ গুৱাহাটী কেন্দ্ৰ পৰিচালনা হৈ আছে।

Leave A Reply