আকাশলংঘী মূল্যবৃদ্ধিৰ সম্পৰ্কত চৰকাৰলৈ চুতীয়া যুৱ সন্মিলনৰ সভাপতি কৌস্তুভ কিশোৰ চুতীয়াৰ আহ্বানঃ চৰকাৰে কেৱল আশ্বাস নহয়, বাস্তৱ পদক্ষেপ গ্ৰহণ কৰক

অসমৰ বজাৰত অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিয়ে ৰাজ্যখনৰ সাধাৰণ জনজীৱনক গভীৰভাৱে প্ৰভাৱিত কৰিছে। চাউল, দাইল, মিঠাতেল, সৰিয়হৰ তেল, পিয়াঁজ, আলু, শাক-পাচলি, ৰন্ধন গেছকে ধৰি দৈনন্দিন জীৱনৰ প্ৰতিটো প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত বিশেষকৈ নিম্ন আয়ৰ পৰিয়াল, মধ্যবিত্ত, দিন হাজিৰা কৰা শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী আৰু সাধাৰণ কৰ্মজীৱী লোকসকল যথেষ্ট আৰ্থিক চাপৰ সন্মুখীন হৈছে। এই সন্দৰ্ভত চুতীয়া যুৱ সন্মিলন, অসমৰ সভাপতি কৌস্তৱ কিশোৰ চুতীয়াই গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে, মূল্যবৃদ্ধি এতিয়া কেৱল বজাৰৰ এটা অৰ্থনৈতিক বিষয় হৈ থকা নাই; ই সাধাৰণ মানুহৰ জীৱন-জীৱিকা আৰু পৰিয়ালৰ অৰ্থনৈতিক নিৰাপত্তাৰ সৈতে জড়িত এক গুৰুতৰ সামাজিক সমস্যা হৈ পৰিছে। চৰকাৰে সময়ে সময়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ, বজাৰত অনিয়ম ৰোধ, মজুতদাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু অসাধু ব্যৱসায়ীৰ ওপৰত প্ৰশাসনিক নজৰদাৰী বৃদ্ধিৰ কথা ঘোষণা কৰি আহিছে। চৰকাৰৰ এই পদক্ষেপসমূহক আমি নীতিগতভাৱে আদৰণি জনাইছোঁ।

কিন্তু প্ৰশ্ন হ’ল—এই ঘোষণাসমূহৰ বাস্তৱ সুফল সাধাৰণ গ্ৰাহকে কিমানখিনি লাভ কৰিছে? কেৱল মূল্য নিৰীক্ষণৰ বৈঠক, নিৰ্দেশনা আৰু সংবাদ মাধ্যমৰ জৰিয়তে দিয়া আশ্বাসেৰে মূল্যবৃদ্ধিৰ সমস্যা সমাধান নহয়। চৰকাৰৰ প্ৰকৃত সফলতা নিৰূপণ হ’ব সাধাৰণ মানুহে বজাৰলৈ গৈ পূৰ্বৰ তুলনাত কিমান সকাহ লাভ কৰিছে, তাৰ ওপৰত। আমি স্বীকাৰ কৰোঁ যে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰিৱৰ্তন, ইন্ধনৰ মূল্য, পৰিবহণ ব্যয়, উৎপাদন ব্যয় আৰু যোগান ব্যৱস্থাৰ সমস্যাই সামগ্ৰীৰ মূল্যৰ ওপৰত প্ৰভাৱ পেলায়। তথাপি এইসমূহ কাৰণৰ অজুহাতত ৰাজ্য চৰকাৰে নিজৰ দায়িত্ব এৰাই চলিব নোৱাৰে। ৰাজ্যৰ বজাৰ ব্যৱস্থা সুশৃংখল কৰি ৰখা, কৃত্ৰিম নাটনি ৰোধ কৰা আৰু গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাটো চৰকাৰৰ অন্যতম দায়িত্ব। বিশেষকৈ অসমৰ দৰে কৃষিপ্ৰধান ৰাজ্যত স্থানীয় কৃষক আৰু উৎপাদকসকলক উপযুক্ত বজাৰ, সংৰক্ষণ আৰু পৰিবহণৰ সুবিধা প্ৰদান কৰাত অধিক গুৰুত্ব দিব লাগে। অসমৰ কৃষিজাত সামগ্ৰী উৎপাদনৰ সম্ভাৱনা থকা সত্ত্বেও বহু ক্ষেত্ৰত বাহিৰৰ ৰাজ্যৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পৰা নাই।

এই দিশত চৰকাৰে দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰাটো প্ৰয়োজন। চুতীয়া যুৱ সন্মিলন, অসমৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ ওচৰত উত্থাপন কৰা দাবীবোৰ হ’ল—

১। ৰাজ্যৰ প্ৰতিখন জিলাৰ বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দৈনিক পাইকাৰী আৰু খুচুৰা মূল্যৰ তালিকা ৰাজহুৱাভাৱে প্ৰকাশ কৰিব লাগে।

২। বজাৰত কৃত্ৰিম নাটনি, মজুতদাৰী, অতিৰিক্ত মুনাফা আৰু যিকোনো অবৈধ ছিণ্ডিকেটৰ অভিযোগৰ নিৰপেক্ষ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

৩। নিম্ন আয়ৰ পৰিয়াল আৰু সাধাৰণ গ্ৰাহকসকলৰ বাবে সুলভ মূল্যত অত্যাৱশ্যকীয় সামগ্ৰী উপলব্ধ কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৪। সুলভ মূল্যৰ দোকানসমূহৰ যোগান ব্যৱস্থা শক্তিশালী কৰি সামগ্ৰীৰ নিয়মীয়া উপলব্ধতা নিশ্চিত কৰিব লাগে।

৫। অসমৰ কৃষকসকলক উৎপাদন, সংৰক্ষণ আৰু বিপণনৰ ক্ষেত্ৰত বিশেষ সহায় আগবঢ়াই স্থানীয় উৎপাদিত সামগ্ৰীৰ বজাৰ সম্প্ৰসাৰণ কৰিব লাগে।

৬। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা আৰু তাৰ ফলাফলৰ বিষয়ে নিয়মীয়াকৈ ৰাজহুৱা প্ৰতিবেদন প্ৰকাশ কৰিব লাগে।

৭। সাধাৰণ জনতাৰ ক্ৰয় ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিশেষ সকাহমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি স্পষ্ট কৰি দিব বিচাৰোঁ যে চুতীয়া যুৱ সন্মিলন, অসমে কোনো ৰাজনৈতিক স্বাৰ্থৰ ভিত্তিত এই প্ৰশ্ন উত্থাপন কৰা নাই। অসমৰ সাধাৰণ জনতাৰ জীৱন-জীৱিকা, অৰ্থনৈতিক নিৰাপত্তা আৰু ন্যায্য অধিকাৰৰ স্বাৰ্থতেই এই দাবীসমূহ উত্থাপন কৰা হৈছে। চৰকাৰৰ দায়িত্ব কেৱল উন্নয়নৰ পৰিসংখ্যা দাঙি ধৰা নহয়; উন্নয়নৰ সুফল সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ জীৱনলৈ কিমান পৰিমাণে আহিছে, সেইটো নিশ্চিত কৰাহে প্ৰকৃত দায়িত্ব। এখন ৰাজ্যৰ উন্নয়ন কেৱল বৃহৎ আন্তঃগাঁথনি নিৰ্মাণেৰে জুখিব নোৱাৰি। সাধাৰণ মানুহে দুবেলা দুসাঁজ ভাতৰ চিন্তা নকৰাকৈ জীৱন নিৰ্বাহ কৰিব পাৰিছেনে, পৰিয়ালৰ প্ৰয়োজন পূৰণ কৰিব পাৰিছেনে আৰু নিজৰ উপাৰ্জনেৰে নিত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিছেনে—সেইবোৰো উন্নয়নৰ গুৰুত্বপূৰ্ণ মাপকাঠী।

সেয়েহে অসমৰ চৰকাৰক আমি আহ্বান জনাইছোঁ— মূল্যবৃদ্ধিৰ সমস্যাক গুৰুত্বসহকাৰে গ্ৰহণ কৰক। কেৱল আশ্বাস প্ৰদান নকৰি বজাৰত মূল্য নিয়ন্ত্ৰণ আৰু সাধাৰণ জনতাক সকাহ দিয়াৰ বাবে দৃশ্যমান, ফলপ্ৰসূ আৰু সময়সীমাবদ্ধ ব্যৱস্থা গ্ৰহণ কৰক। ৰাইজৰ কষ্টক উপেক্ষা কৰি উন্নয়নৰ সাৰ্থকতা প্ৰতিষ্ঠা কৰিব নোৱাৰি। চৰকাৰৰ প্ৰতিটো নীতি আৰু পদক্ষেপৰ কেন্দ্ৰবিন্দু হ’ব লাগে সাধাৰণ জনতা। চুতীয়া যুৱ সন্মিলন, অসমে ভৱিষ্যতেও অসমৰ জনসাধাৰণৰ ন্যায্য স্বাৰ্থ, সামাজিক অধিকাৰ আৰু সামগ্ৰিক উন্নয়নৰ হকে গণতান্ত্ৰিক আৰু গঠনমূলকভাৱে মাত মাতি যাব।

Related Articles