অসম বিধানসভাৰ বাজেট অধিৱেশন অহা ৬ জুলাইৰ পৰা আৰম্ভ হ’ব৷ ২১ দিনৰ বাবে চলিব অসম বিধানসভাৰ বাজেট অধিৱেশন৷ অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আনুষ্ঠানিকভাৱে বিধানসভাৰ এই অধিৱেশন আহ৩ান কৰিছিল৷ বিধানসভা সচিবালয়ে প্ৰকাশ কৰা জাননী অনুসৰি, ৬ জুলাই তথা সোমবাৰে পুৱা ৯:৩০ বজাত দিছপুৰস্থিত বিধানসভা ভৱনত অধিৱেশন আৰম্ভ হ’ব৷ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ১০ জুনত বিধানসভাৰ বাজেট অধিৱেশন আহ্বান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷
পৰৱৰ্তী সময়ত বিধানসভা সচিবালয়ে আনুষ্ঠানিকভাৱে এই নিৰ্দেশ প্ৰকাশ কৰে৷ ভাৰতীয় সংবিধানৰ ১৭৪ অনুচ্ছেদৰ ৰ নম্বৰ দফাৰ অধীনত লাভ কৰা ক্ষমতা প্ৰয়োগ কৰি ৰাজ্যপালে ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আহ৩ান কৰা বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে৷বাজেট অধিৱেশনকলৈ ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰতো তৎপৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ অধিৱেশনত ৰাজ্য চৰকাৰৰ নীতি, আঁচনি আৰু আগন্তুক বৰ্ষৰ বিভিন্ন অগ্ৰাধিকাৰ বিষয়ক লৈ আলোচনা হ’ব৷

