আজি দিনটোতে পঞ্চভূতত বিলীন হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ

আজি দিনটোতে পঞ্চভূতত বিলীন হৈছিল প্ৰাণৰ শিল্পীৰ পাৰ্থিৱ শৰীৰ।

প্ৰিয়তমক সুঁৱৰি আৱেগিক পোষ্ট গৰিমা গাৰ্গৰ

‘আজি ২৩ ছেপ্টেম্বৰ..শেষ দেখা.. শেষ স্পৰ্শ.. শেষ অর্ঘ্য, তুমি যে লিখিছা..”শেষ বুলিলেইতো শেষ নহয়…”সঁচাই নহয়! আৰম্ভণি এইয়া এক আত্মিক যাত্ৰাৰ, চিৰকাললৈ.. জন্ম-জন্মান্তৰলৈ ।।’

এইদৰে মৰমৰ গ’ল্ডীক সুঁৱৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট জুবিন পত্নী গৰিমা গাৰ্গ শইকীয়াৰ।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম শয়নৰ এবছৰত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰো আৱেগিক প’ষ্ট-

” হে অগ্নি দেৱ, হে স্ৰষ্টা,এই কায়িক ৰূপ ভস্মীভূত নকৰিবা, তুমি তেওঁক সম্পূৰ্ণ শুদ্ধ কৰি তেওঁৰ আদিপুৰুষলৈ আত্মাৰ যাত্ৰা প্ৰশস্ত কৰা!”

আজিৰ দিনটোতে তোক কায়িক ৰূপৰ পৰা মুক্ত কৰি নিৰাকাৰ বিশালতালৈ আগবঢ়াই দিছিলো… উস! এই দুখ যে প্ৰতিপলে গভীৰৰ পৰা গভীৰতালৈ গৈহে আছে!

এতিয়া এই দুখ মোৰ উশাহ!

ন্যায়ৰ কোনো বিকল্প নাই। তোৰ যি দোষী, সি কঠোৰতকৈও কঠোৰ শাস্তি পাওক!’

Related Articles