ক’কৰোছ জনতা পাৰ্টীৰ প্ৰতিবাদত আজি কঁপিছে যন্তৰ-মন্তৰ। অনিয়মৰ বিৰুদ্ধে হোৱা এই প্ৰতিবাদ অংশগ্ৰহণ সহস্ৰাধিক যুৱক-যুৱতীয়ে। NEETসহ বিভিন্ন পৰীক্ষাৰ অনিয়মৰ বিৰুদ্ধে এই প্রতিবাদ।
দেশ তথা বিদেশৰ সামাজিক মাধ্যমত শেহতীয়াকৈ খলকনি তোলা ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপক ভাৰতলৈ আহিব৷ ৬ জুনত ভাৰতলৈ আহিব ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক দীপক৷ কেৱল সেয়াই নহয় ৬ জুনত ভাৰতৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ পদত্যাগৰ দাবীৰে যন্তৰ মন্তৰত বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰস্তুতি চলোৱাৰ খবৰ পোৱা গৈছে৷ নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য পৰীক্ষাসমূহত সংঘটিত অনিয়মৰ প্ৰতিবাদত শেহতীয়াকৈ চৰ্চালৈ অহা ব্যংগাত্মক ৰাজনৈতিক অভিযান ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে৷ সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা এক বিবৃতিযোগে তেওঁ জানিবলৈ দিয়ে যে আগন্তুক ৬ জুনত তেওঁ ভাৰতলৈ উভতি আহিব আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে এক শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব৷ ত্ৰিছবছৰীয়া ৰাজনৈতিক যোগাযোগ ৰণনীতিবিদ তথা আম আদমি পাৰ্টীৰ ছ’চিয়েল মিডিয়া কোষৰ প্ৰাক্তন সদস্য দীপকে বৰ্তমান আমেৰিকাত বসবাস কৰে৷
চিকিৎসা বিজ্ঞানৰ স্নাতক মহলাৰ নামভৰ্তিৰ বাবে অনুষ্ঠিত ‘নীট’ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু পৰৱৰ্তী সময়ত পৰীক্ষা বাতিল হোৱাৰ প্ৰেক্ষাপটতে তেওঁ শিক্ষা মন্ত্ৰীগৰাকীৰ পদত্যাগ দাবী কৰিছে৷ ইয়াৰ উপৰি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ আৰু কৰ্মচাৰী বাছনি আয়োগৰ পৰীক্ষাতো ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি শিক্ষাৰ্থী আৰু চাকৰি প্ৰত্যাশীসকলে অভিযোগ উত্থাপন কৰি আহিছে৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দীপকে কয় যে এই ব্যৱস্থাটোৱে এক কোটিতকৈও অধিক শিক্ষাৰ্থীৰ জীৱনক এক ধেমালিলৈ পৰ্যবসিত কৰিছে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল নিজৰ ভৱিষ্যতক লৈ চিন্তিত আৰু উদ্বিগ্ন হৈ পৰিছে৷ তেওঁ লগতে কয় যে ইমান ডাঙৰ ভুলৰ পিছতো যদি শিক্ষা মন্ত্ৰীগৰাকীয়ে পদত্যাগ নকৰে, তেন্তে দেশত কোনো দায়বদ্ধতা বাকী থকা নাই বুলিয়েই গণ্য কৰা হ’ব৷ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক বাৰ্তাত দীপকে কয় যে এতিয়া সকলোৱে একত্ৰিত হৈ সংবিধানৰ পথ অনুসৰণ কৰি শান্তিপূৰ্ণভাৱে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰাৰ সময় আহি পৰিছে৷ তেওঁ দৃঢ়তাৰে ব্যক্ত কৰে যে সকলোৱে একেলগে মাত মাতিলে কতৃৰ্পক্ষই নিশ্চিতভাৱে তেওঁলোকৰ কথা শুনিবলৈ বাধ্য হ’ব৷ ৬ জুনৰ পুৱা দিল্লীত উপস্থিত হ’বলগীয়া দীপকে তেওঁৰ সমৰ্থকসকলক বিমান বন্দৰত উপস্থিত থাকিবলৈ আহ৩ান জনাইছে৷
তাৰ পৰাই তেওঁলোকে একত্ৰিত হৈ সংসদ মাৰ্গৰ আৰক্ষী থানালৈ গৈ যন্তৰ মন্তৰত এক শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে অনুমতি বিচাৰিব বুলি জানিবলৈ দিছে৷ উল্লেখযোগ্য যে, যুৱ-প্ৰজন্মৰ দ্বাৰা যুৱ-প্ৰজন্মৰ বাবে গঠিত এক ৰাজনৈতিক মঞ্চ হিচাপে পৰিচিত ‘ককৰোচ জনতা পাৰ্টী’ নামৰ এই ব্যংগাত্মক অভিযানটো যোৱা ১৬ মে’ত আৰম্ভ কৰা হৈছিল৷ ১৫ মে’ত উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য কান্তই নিবনুৱা যুৱক-যুৱতীসকলক লৈ কৰা বুলি প্ৰকাশিত এক বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপেই এই অভিযানৰ সূত্ৰপাত ঘটিছিল৷ বাতৰি অনুসৰি, ন্যায়াধীশগৰাকীয়ে কৰ্মসংস্থাপনহীন একাংশ যুৱকক ‘ককৰোচ’ বা পঁইতাচোৰাৰ সৈতে তুলনা কৰিছিল যদিও পিছদিনাই তেওঁ স্পষ্টীকৰণ দিছিল যে সংবাদ মাধ্যমে তেওঁৰ বক্তব্য ভুলকৈ উপস্থাপন কৰিছে৷ যোৱা ২১ মে’ত এক আইনী দাবীৰ ভিত্তিত ‘ককৰোচ জনতা পাৰ্টী’ৰ ইনষ্টাগ্ৰাম একাউণ্টটো বন্ধ কৰা হয় আৰু শুকুৰবাৰে দিল্লী উচ্ছ ন্যায়ালয়ে একাউণ্টটো পুনৰুদ্ধাৰ কৰিবলৈ অস্বীকাৰ কৰে৷
দিপকে ‘যন্তৰ মন্তৰত সকলোকে লগ পাবলৈ আগ্ৰহী আৰু শান্তিপূৰ্ণ প্ৰতিবাদৰ আহ্বান। প্ৰতিবাদৰ প্ৰত্যাশাত সমগ্ৰ ৰাষ্ট্ৰীয় ৰাজধানীত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। আৰক্ষী বিষয়াসকলে ইংগিত দিছে যে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, সীমান্ত প্ৰৱেশ পইণ্ট, আৰু অন্যান্য স্পৰ্শকাতৰ স্থানত অতিৰিক্ত জোৱান নিয়োগ কৰা হৈছে।

