আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ

আজি পৰিয়ালৰ লোকক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ। ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ত সম্পন্ন হৈছে ৰামানুজ গোস্বামীৰ মৰণোত্তৰ পৰীক্ষা। বৰ্তমান GMCHৰ মৰ্গতে সংৰক্ষিত হৈ আছে তেওঁৰ মৃতদেহ।

জানিব পৰা মতে, ধুবুৰী জিলাৰ গৌৰীপুৰস্থিত নিজ বাসগৃহতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। মৃতদেহ চমজি লোৱাৰ বাবে ইতিমধ্যে পৰিয়ালৰ লোক GMCHলৈ ৰাওনা হৈছে।
উল্লেখ্য যে, সোমবাৰে পুৱতি নিশা মৃত্যু হৈছিল ৰামানুজ গোস্বামীৰ। আৰক্ষীৰ জিম্মাত থকা অৱস্থাত স্বাস্থ্যৰ অৱনতি ঘটাৰ কথা তেওঁ আৰক্ষীক অৱগত কৰিছিল। ইয়াৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ বাবে নিশা আৰক্ষীয়ে তেওঁক GMCHলৈ লৈ গৈ আছিল।

কিন্তু GMCHলৈ যোৱাৰ পথত TV টাৱাৰৰ সমীপত আৰক্ষীৰ বাহনখনৰ এটা টায়াৰ পাংচাৰ হয়। বাহনখন ৰৈ থকাৰ সুযোগ লৈ ৰামানুজে কৰ্তব্যৰত এজন কনিষ্টবলক আক্ৰমণ কৰি বাহনৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা চলায়।
অন্ধকাৰত পলায়ন কৰাৰ সময়তে পাহাৰৰ পৰা পিছলি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৰামানুজ। লগে লগে তেওঁক GMCHলৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
ইফালে, তেওঁৰ মৃত্যুক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন মহলত চৰ্চা অব্যাহত আছে। মৰণোত্তৰ পৰীক্ষাৰ পিছত আজি পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিয়াৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব।

