Breaking

আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন T-20 মেচ…

0 66

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন T20 মেচ। ডাৰবানত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন T20 মেচ। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই খেলখন। দুয়োটা দলৰ মাজত ৩ খন টি-২০ মেচৰ ধাৰাবাহিক খেল অনুষ্ঠিত হ’ব। ভাৰতীয় দলৰ অধিনায়কত্ব সূৰ্যকুমাৰ যাদৱে, দক্ষিণ আফ্ৰিকাৰ দলৰ নেতৃত্বত থাকিব আইডেন মাৰ্কৰাম।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৩ টি-২০ মেচ ছিৰিজৰ প্ৰথমখন মেচ ডাৰবানত অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা দুয়োটা দলৰ মাজত খেল আৰম্ভ হ’ব। ভাৰতীয় অনুৰাগীয়ে ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰ চাব পাৰিব। ইয়াৰ উপৰিও ভাৰত-দক্ষিণ আফ্ৰিকাৰ ছিৰিজৰ মেচসমূহৰ লাইভ ষ্ট্ৰীমিং ডিজনী প্লাছ হটষ্টাৰত কৰা হ’ব। অৰ্থাৎ ভাৰতীয় অনুৰাগীয়ে ডিজনী প্লাছ হটষ্টাৰত লাইভ ষ্ট্ৰীমিং চাব পাৰিব। ভাৰতীয় অনুৰাগীয়ে ডিজনী প্লাছ হটষ্টাৰত হিন্দী আৰু ইংৰাজীৰ বাহিৰেও বহু ভাষাত খেলখন উপভোগ কৰিব পাৰিব।

Leave A Reply