ভাৰতীয় উদ্যোগপতি গৌতম আদানি আৰু তেওঁৰ পৰিয়ালৰ সৈতে জড়িত আইনী বিবাদত নতুন পাক লাগিছে৷ আমেৰিকাৰ নিউয়ৰ্কস্থিত ইষ্টাৰ্ণ ডিষ্টিক্ট ক’ৰ্টে আদানি গ্ৰুপৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ কৰিছে আৰু এই বিষয়ত আমেৰিকা চৰকাৰক যথাযথ ব্যাখ্যা দিবলৈ নিৰ্দেশ দিছে৷ শেহতীয়াকৈ জাৰি কৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশত জিলা আদালতৰ ন্যায়াধীশ নিকোলাছ গাৰাউফিছে স্পষ্টভাৱে উল্লেখ কৰে যে চৰকাৰে দাখিল কৰা সংক্ষিপ্ত আৰু একপক্ষীয় বক্তব্য আদালতে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ যথেষ্ট নহয়৷ তেওঁৰ মতে, গোচৰ খাৰিজ কৰাৰ অনুৰোধটো বিশ্লেষণ কৰাৰ বাবে প্ৰয়োজনীয় তথ্য আৰু যুক্তি চৰকাৰে দাখিল কৰা নাই৷
আদালতে আমেৰিকা ন্যায় বিভাগক সুধিছে যে কিয় আদানি গ্ৰুপৰ বিৰুদ্ধে ৰুজু কৰা অপৰাধমূলক গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ আবেদন জনোৱা হৈছিল৷ এই বিষয়ে ১৩ জুলাইৰ ভিতৰত তথ্য-প্ৰমাণসহ স্পষ্ট উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ উল্লেখ্য যে ২০২৪ চনৰ নৱেম্বৰ মাহত আমেৰিকা ন্যায় বিভাগে গৌতম আদানি, তেওঁৰ ভতিজা সাগৰ আদানি আৰু আদানি গ্ৰীণ এনাৰ্জীৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া বিনীত জৈনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিছিল৷ অভিযোগ অনুসৰি, তেওঁলোকে ভাৰতৰ চৰকাৰী বিষয়াসকলক বৃহৎ পৰিমাণৰ উৎকোচ দি আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰিছিল আৰু এই তথ্যসমূহ আমেৰিকা প্ৰশাসনৰ পৰা গোপনে ৰাখিছিল৷ ইফালে, আদানি গ্ৰnপে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে দাখিল কৰা আন এটা দেৱানী গোচৰ ১৮ মিলিয়ন ডলাৰত নিষ্পত্তি কৰিবলৈ সন্মতি প্ৰকাশ কৰিছিল৷ কিন্তু জিলা আদালতৰ এই নতুন স্থিতিৰ ফলত সেই নিষ্পত্তি প্ৰক্ৰিয়া এতিয়া অনি(য়তাৰ মাজত পৰিছে৷
আন এক অভিযোগত আদানি গ্ৰnপৰ ফ্লেগশ্বিপ কোম্পানী ‘আদানি এণ্টাৰপ্ৰাইজ লিমিটেডে আমেৰিকাৰ কোষাগাৰ বিভাগক ২৭৫ মিলিয়ন ডলাৰ জৰিমনা ভৰিবলৈ সন্মত হৈছে৷ অভিযোগ অনুসৰি, তেওঁলোকে আমেৰিকাৰ নিষেধাজ্ঞা উলংঘা কৰি ইৰাণৰ পৰা প্ৰায় ১৯ কোটি ডলাৰৰ খাৰুৱা তেল ক্ৰয় কৰিছিল৷ এই আইনী জটিলতাৰ মাজতো গৌতম আদানিয়ে নিজৰ আত্মবিশ্বাস অটুট ৰাখিছে৷ শেহতীয়াকৈ কোম্পানীৰ বাৰ্ষিক সাধাৰণ সভাত শ্বেয়াৰহোল্ডাৰসকলক সম্বোধন কৰি তেওঁ কয় যে প্ৰতিকূল পৰিস্থিতিৰ মাজতো কোম্পানীয়ে সফলতা অৰ্জন কৰিছে৷ ‘আমি কঠিন পৰীক্ষাৰ মাজেৰে পাৰ হৈছো, কিন্তু আমি কেতিয়াও ৰৈ থকা নাই’ বুলি তেওঁ উল্লেখ কৰে৷ সমগ্ৰ ঘটনাই আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ দৃষ্টান্ত স্থাপন কৰিছে আৰু আগন্তুক দিনত এই গোচৰৰ পৰিণতি কিদৰে গঢ় ল’ব সেয়া লক্ষণীয় হ’ব৷

