হোজাই জিলাৰ ৰে’ল নগৰী লামডিঙলৈ পুনৰ কঢ়িয়াই আনিলে গৌৰৱ।সুদূৰ পশ্চিমবংগৰ মালদাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মডেলিং আৰু বিশেষ নৃত্য প্ৰতিযোগিতাত নিজৰ প্ৰতিভা, দক্ষতা আৰু আত্মবিশ্বাসৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰি লামডিঙৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে কেইবাগৰাকী কিশোৰ-কিশোৰী তথা যুৱক-যুৱতীয়ে।প্ৰতিযোগিতাখনত লামডিঙৰ মুঠ ১৪গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি বিভিন্ন শাখাত সাফল্য অৰ্জন কৰাত সমগ্ৰ অঞ্চলটোলৈ নামি আহিছে আনন্দ আৰু গৌৰৱৰ বন্যা।পশ্চিমবংগৰ মালদাস্থিত বি. এম. গ্ৰেণ্ড হোটেলত অনুষ্ঠিত এই বিশেষ প্ৰতিযোগিতাখনৰ FSSৰ উদ্যোগত আয়োজন কৰা হৈছিল।ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ মঞ্চত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰি লামডিঙৰ প্ৰতিযোগীসকলে দৰ্শক তথা বিচাৰকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।প্ৰতিযোগিতাখনত বিশেষ সাফল্য অৰ্জন কৰে লামডিঙৰ DBS বিদ্যালয়ৰ শিক্ষয়িত্ৰী কাকুলি মজুমদাৰে। তেওঁ SPECIAL WALK শাখাত বিজয়ীৰ সন্মান লাভ কৰি নিজৰ প্ৰতিভাৰ এক অনন্য পৰিচয় দাঙি ধৰে।আনহাতে, KIDS-A শাখাত ছাদিকা দাসে WINNER খিতাপ অৰ্জন কৰি লামডিঙৰ বাবে আন এক উল্লেখযোগ্য সফলতা কঢ়িয়াই আনে।ইয়াৰ উপৰি Senior Categoryত বৰ্ষা লোদে SECOND RUNNER-UP স্থান লাভ কৰিবলৈ সক্ষম হয়। একেদৰে GEN-Z শাখাত ৰাজদ্বীপ বণিকে SECOND স্থান অৰ্জন কৰি প্ৰতিযোগিতাখনত নিজৰ পাৰদৰ্শিতাৰ পৰিচয় দিয়ে।প্ৰতিযোগীসকলৰ এনে সাফল্যই লামডিঙৰ সাংস্কৃতিক আৰু সৃজনশীল প্ৰতিভাৰ ক্ষেত্ৰখনত এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।উল্লেখযোগ্য যে, লামডিঙৰ অনুপ্ৰিয়া ক্ৰিয়েটিভ আৰ্টছ ইনষ্টিটিউটৰ প্ৰশিক্ষক সুজাতা দাসৰ নেতৃত্বত মুঠ ১৪গৰাকী প্ৰতিযোগীয়ে এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পশ্চিমবংগৰ মালদালৈ যাত্ৰা কৰিছিল।প্ৰশিক্ষক সুজাতা দাসৰ পৰিচালনা আৰু প্ৰশিক্ষণত প্ৰতিযোগীসকলে এনে বৃহৎ মঞ্চত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা বিকাশৰ লগতে সাফল্যৰ নতুন অধ্যায় সংযোজন কৰিবলৈ সক্ষম হৈছে।মন কৰিবলগীয়া যে, এয়া প্ৰথম নহয়।ইয়াৰ পূৰ্বেও সুজাতা দাসৰ নেতৃত্বত অনুপ্ৰিয়া ক্ৰিয়েটিভ আৰ্টছ ইনষ্টিটিউটৰ বহু প্ৰতিভাৱান যুৱক-যুৱতীয়ে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰাৰ লগতে অসম তথা লামডিঙৰ নাম উজলাই আহিছে।শৈল্পিক প্ৰতিভা বিকাশৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰি অহা পদক্ষেপে অঞ্চলটোৰ নতুন প্ৰজন্মৰ মাজত আত্মবিশ্বাস আৰু সৃষ্টিশীলতাৰ এক ইতিবাচক পৰিৱেশ গঢ়ি তোলাত সহায় কৰিছে।এফালে পঢ়া-শুনা, আনফালে নিজৰ প্ৰতিভা বিকাশৰ সমান্তৰালকৈ দূৰ-দূৰণিৰ প্ৰতিযোগিতাৰ মঞ্চত সফলতা অৰ্জন কৰা লামডিঙৰ এই কিশোৰ-কিশোৰী তথা যুৱক-যুৱতীসকলৰ সাফল্যই স্বাভাৱিকতে অঞ্চলবাসীক গৌৰৱান্বিত কৰিছে। বিশেষকৈ সুদূৰ মালদাৰ মঞ্চত লামডিঙৰ ১৪গৰাকী প্ৰতিযোগীৰ অংশগ্ৰহণ আৰু কেইবাগৰাকী প্ৰতিযোগীৰ উল্লেখযোগ্য সাফল্যই প্ৰমাণ কৰিছে যে, উপযুক্ত প্ৰশিক্ষণ, সুযোগ আৰু একাগ্ৰতা লাভ কৰিলে সৰু চহৰৰ প্ৰতিভাও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত উজলি উঠিব পাৰে।লামডিঙৰ এই প্ৰতিভাৱান প্ৰতিযোগীসকলৰ এনে সাফল্যই অনাগত দিনত আন বহু নৱপ্ৰজন্মকো নিজৰ প্ৰতিভা বিকাশৰ বাবে উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে।

