Breaking

আন এক অভিলেখৰ লক্ষ্যৰে পোলেণ্ডৰ গানস্কত সাতুৰিব এলভিছে

0 16

প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ আৰু বৰ্তমান চেনেল সাঁতোৰবিদ হিচাপে পৰিচিতি লাভ কৰা অসম সন্তান এলভিছ আলী হাজৰিকাই এইবাৰ পোলেণ্ড চেনেলত সাঁতোৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে৷ এলভিছে এইবাৰ পোলেণ্ড চেনেলৰ “গানাস্ক বে“ত হেলৰ পৰা গিনিয়া বে পৰ্যন্ত সাঁতুৰিব৷

অহা ১৫ আগষ্টত আৰম্ভ কৰি সেইদিনাই সামৰণি মৰাৰ পৰিকল্পনা গ্ৰহণ কৰা সাঁতোৰগৰাকীৰ এয়া হ’ব একক প্ৰয়াস৷ লগত টেকনিকেল ষ্টাফ থাকিলেও সাঁতোৰবিদ হিচাপে তেওঁ অকলশৰে থাকিব৷ গানাস্কৰ বৰফৰ পানীত এই পৰ্যন্ত কোনো ভাৰতীয়ই অকলশৰে সাঁতোৰাৰ নজিৰ নাই৷ এলভিছ সফল হ’ব পাৰিলে তেৱেই হ’ব এই কৃতিত্ব দেখুওৱা প্ৰথম ভাৰতীয় সাঁতোৰবিদ৷

২০১৯ চনত কাটালিনা চেনেল, ২০২২ত নৰ্থ চেনেল, ২০২৩ চনত ইংলিছ চেনেল আৰু কিছুদিন পূৰ্বে ৰবেন আইলেণ্ডত একক প্ৰচেষ্টাৰে সাঁতুৰি সফলতা অৰ্জন কৰা এলভিছে ইতিমধ্যে একেৰাহে দুদিন সাঁতুৰি থকাৰ উপৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত ১২ ঘন্টা সাঁতুৰি অভিলেখ প্ৰতিষ্ঠা কৰিছে৷ এইবাৰ পোলেণ্ড চেনেলত সাঁতোৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা এলভিছে অসমবাসীৰ আশীৰ্বাদ বিচাৰিছে৷

Leave A Reply