সামাজিক মাধ্যমত অখিল গগৈৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। অখিল গগৈক উদ্দেশ্যি সামাজিক মাধ্যমত মীৰা বৰঠাকুৰ গোস্বামীয়ে ক’লে, ‘অখিল গগৈ ডাঙৰীয়া মিত্ৰতা ভংগ নিজেই কৰিলে নেকি ? অলপ ধৈৰ্য্য ধৰক ! কংগ্ৰেছে প্ৰাৰ্থী দিয়া হলে EVM য়ে বচাব নোৱাৰিলে হেতেন শিৱসাগৰত । কংগ্ৰেছক ইমান সমালোচনা কৰাৰ আগতে মুখ্যমন্ত্ৰীয়ে কোৱা কথাবোৰ ভৱিষ্যতলৈ অসত্য প্ৰমান কৰি এজন ভাল নেতা হওক । মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কিয় কবলৈ সুবিধা পাই যে আপুনি পিযুছ হাজৰিকাৰ লগত কথা পাতি বিধান সভাত কথা কয় । কংগ্ৰেছ যদি মুছলমানৰ পাৰ্টী আপুনি ধিং , দলগাও এইবোৰ সমষ্টিত কিয় টিকট লৈছিল? সংযমী নেতা হওক । কংগ্ৰেছক যদি ককৰ্থনা কৰি শান্তি পাই মিত্ৰতা ভংগ কৰিলে বুলি ঘোষণা কৰি লওক । আমি আপোনাক একো নকও মুখ্যমন্ত্ৰীয়ে যি বুজাব লাগে বুজাই দিলে । আমিও আমাৰ দলটোক ইমান সমালোচনা কৰিলে সহ্য কৰিব নোৱাৰো কাৰণ আমি sponsored প্ৰাৰ্থী নহয় ।কথাখিনি নকলে দেখিছোঁ সীমা অতিক্ৰম কৰি পাৰ ভাঙিবলৈ আপুনি আৰম্ভ কৰিলেই । মিত্ৰতাৰ ক্ষেত্ৰত ধিংত বিধায়িকা Sibamoni Bora ডাঙৰীয়ানীৰ টিকট কৰ্তন কৰি আপোনাৰ দলক টিকট দিয়া হল , দলগাৱত নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে ১ লাখৰ ওপৰত নিৰ্দলীয় হৈও ভোট পোৱাৰ বিপৰীতে আপোনাৰ প্ৰাৰ্থী গৰাকী বহু পাছত থাকিল । আমি সহ্য কৰা মানে আত্মসমৰ্পন নহয় । আপুনি কংগ্ৰেছক কটাক্ষ পাছত কৰিব বৰ্তমান নিজৰ দায়িত্ব পালন কৰক।’

